জুবিন গাৰ্গে ব্যক্তিগত লাভালাভৰ বাবে কৰিছিল কা’ বিৰোধী আন্দোলন, বিস্ফোৰক অভিযোগ বিদ্যাসাগৰৰ

1 min read

‘নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন জুবিন গাৰ্গে নিজৰ সুবিধাৰ বাবে কৰিছিল। আৰু সেই কথা এতিয়া স্পষ্ট হৈ পৰিছে। নাগৰিকত্ব সংশোধনী আন্দোলন ৰাজনৈতিক মুনাফাৰ বাবে কৰা হৈছিল। আন্দোলন কৰি সাংসদ হ’ল অজিত্‍ কুমাৰ ভূঞা, ৰাজনৈতিক দল খুলিলে লুৰিণজ্যোতি গগৈয়ে।’ -মাজুলীত উপস্থিত হৈ এই বিস্ফোৰক অভিযোগ কণ্ঠশিল্পী তথা বিজেপি নেতা বিদ্যাসাগৰে।

বিদ্যাসাগৰে কয় যে, প্ৰগতি য’ত ভাল মানুহ সেই ঠাইত। দুৰ্নীতি বিজেপিত নাই কাৰণেই ভাল মানুহ বিজেপিলৈ আহিছে। নেতা হ’বলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন হৈছিল অসমত। ৰাজনৈতিক সমীকৰণেৰে আন্দোলনক লৈ যোৱা হৈছিল।আৰু সেয়া এতিয়া স্পষ্ট। ২০২১ৰ নিৰ্বাচনত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব।

ইফালে নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত কি দাল কম বুলি দম্ভালি মাৰি বিদ্যাসাগৰে কয় যে, ‘মোক জোৰ কৰি আন্দোলনলৈ লৈ যোৱা হৈছিল। চোলাৰ কলাৰত ধৰি গাড়ীৰ পৰা মোক নমাই দিয়া হৈছিল। মই আজিৰ বিজেপি নহয়, ২০০৯ চনতে মই বিজেপিত যোগদান কৰিছিলো। বাধ্যত পৰি মই মাত্ৰ এদিন আন্দোলনত যোগদান কৰিছিলো।’

ইফালে জুবিন গাৰ্গক কটাক্ষ কৰি বিদ্যাসাগৰে কয় যে, ‘ কা আন্দোলনৰ প্ৰাকক্ষণত মিডিয়াৰ বহু মানুহে মোক প্ৰশ্ন কৰে যে, জুবিন গাৰ্গে আন্দোলন কৰিবলৈ শিল্পী সাহিত্যিকক আহ্বান জনাইছে, ইয়াত আপোনাৰ স্থিতি কি? তেতিয়া মই স্পষ্ট ভাবে কৈছিলো যে, সেয়া জুবিন গাৰ্গৰ ব্যক্তিগত কথা।  আৰু সেয়া এতিয়া প্ৰমাণিত হ’ল। অসমৰ মানুহে স্পষ্টকৈ দেখিলে। আৰু তেনেকৈ কোৱাৰ পিছতে মোক মানসিক ভাবে অত্যাচাৰ কৰা হ’ল। মোক ভাবুকি দিয়া হ’ল। গতিকে পৰিস্থিতি স্বাভাৱিক হ’বলৈ মই কা আন্দোলনত যোগ দিলো।কিন্তু পৰৱৰ্তী সময়ত মই আকৌ নিজৰ স্থিতিলৈ ঘূৰি আহিছো।’

You May Also Like

More From Author