জুবিন নৌটিয়ালৰ অনুষ্ঠানৰ নামত প্ৰৱঞ্চনা, লাখ লাখ টকা সংগ্ৰহ কৰি আয়োজক কমিটীৰ পলায়ন, আটক এগৰাকী যুৱতী

জুবিন নৌটিয়ালৰ অনুষ্ঠানৰ নামত প্ৰৱঞ্চনা, লাখ লাখ টকা সংগ্ৰহ কৰি আয়োজক কমিটীৰ পলায়ন, আটক এগৰাকী যুৱতী

গুৱাহাটীত জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠানৰ নামত প্ৰৱঞ্চনা। টিকট বিক্ৰীৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া জুবিনৰ অনুষ্ঠান বাতিল কৰিলে আয়োজক কমিটীয়ে। আজি নেহৰু ষ্টেডিয়ামত হোৱাৰ কথা আছিল বলীউদৰ কণ্ঠশিল্পী জুবিন নৌটিয়ালৰ সংগীতানুষ্ঠান। ‘সা ৰে গা মা আৰ্টছ অব মিউজিক’-এ আয়োজন কৰিছিল এই অনুষ্ঠানৰ। কোনো আনুষ্ঠানিক ঘোষণা অবিহনে অনুষ্ঠান বাতিল কৰি ধন লৈ পলাল আয়োজক কমিটী। বহু লোকে জুবিনৰ সংগীতানুষ্ঠান চাবলৈ ক্ৰয় কৰিছিল টিকট।

আজি দিনৰ ভাগত আৰক্ষী আয়ুক্তই সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল যে এটা ব্যক্তিগত সংস্থা “সা ৰে গা মা আৰ্টছ অৱ মিউজিক”য়ে ২৯ মাৰ্চত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত “সাৰেগামা স্বীকৃতি বঁটা -২০২৪” আয়োজন কৰিবলৈ আৰক্ষীৰ পৰা অনুমতি লৈছিল। পাছ আৰু টিকটো প্ৰদান কৰিছিল আয়োজক কমিটীয়ে। কিন্তু আৰক্ষীয়ে ফিল্ড ভেৰিফিকেচনলৈ গৈ অনুষ্ঠানৰ কোনো প্ৰস্তুতি দেখা নাপালে। অধিক অনুসন্ধান কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে কোনো কাৰণ উল্লেখ নকৰাকৈ আয়োজকসকলে অনুষ্ঠানটো বাতিল কৰিছে৷

ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে মৌচুমী বৰা নামৰ এগৰাকী আয়োজকক। পানীখাইতী আৰক্ষীয়ে আটক কৰে মৌচুমীক। বৰ্তমান পাণবজাৰ মহিলা থানালৈ লৈ যোৱা হৈছে মৌচুমী বৰাক।

ইফালে, উলুবাৰীৰ The Ornateৰ পৰা অনুষ্ঠানটোৰ মেনেজাৰ প্ৰিন্স মানসে পলায়ন কৰা বুলি জানিব পৰা গৈছে। ৩ দিনৰ ধৰি উক্ত হোটেলখনতে আছিল মেনেজাৰজন। আজি বিল পৰিশোধ নকৰাকৈ পলাল হোটেলৰ পৰা। হোটেল কৰ্তৃপক্ষই সম্প্ৰতি আৰক্ষীৰ কাষ চাপিছে।

GTM Desk

Related