জে’লত প্ৰতি পুৱা কি কৰে কেজৰিৱালে? জানিলে বিশ্বাস নহ’ব আপোনাৰ… মুখ্যমন্ত্ৰীয়ে কৰিবনে এই কাম!

জে’লত প্ৰতি পুৱা কি কৰে কেজৰিৱালে? জানিলে বিশ্বাস নহ’ব আপোনাৰ… মুখ্যমন্ত্ৰীয়ে কৰিবনে এই কাম!

আবকাৰী গোচৰত তিহাৰ জে’লত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইডিৰ দলে কেজৰিৱালক দীঘলীয়া সোধা-পোছাৰ অন্তত জিম্মাত লৈছিল। ইডিৰ জিম্মা অন্তত আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে কেজৰিৱালক জে’ললৈ প্ৰেৰণ কৰিছিল। কাৰাগাৰৰ এক সূত্ৰই কেজৰিৱালৰ দিনটোৰ কামৰ তথ্য সদৰি কৰিছে। পুৱাই উঠি কি কৰে কেজৰিৱালে?

সূত্ৰ অনুসৰি, তিহাৰ জে’লত কেজৰিৱালে পৰিষ্কাৰ-পৰিচন্নতাৰে নিজৰ দিনপঞ্জী আৰম্ভ কৰে। পুৱাই উঠি অৰবিন্দ কেজৰিৱালে নিজৰ বেৰেক নিজেই পৰিষ্কাৰ কৰে। তিহাৰ জে’লত নিজৰ চেলত বন্দী সকলো আণ্ডাৰ ট্ৰায়েল কয়দীয়ে নিজেই পৰিষ্কাৰ কৰিব লাগে। জে’লৰ এই নিয়ম কেজৰিৱালৰ ক্ষেত্ৰতো কাৰ্যকৰী। সেইবাবে অৰবিন্দ কেজৰিৱালেও জে’লত নিজৰ দিনটো নিয়মীয়া প্ৰক্ৰিয়াৰেই আৰম্ভ কৰে। অৰবিন্দ কেজৰিৱালে জে’ল প্ৰশাসনৰ পৰা এখন চকী বিচাৰিছে যাতে তেওঁ কিছু সময় চকীত বহি সময় অতিবাহিত কৰিব পাৰে।

উল্লেখযোগ্য যে দিল্লীৰ এখন আদালতে আবকাৰী কেলেংকাৰীত সোমবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ১৫ এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। তেওঁক ২১ মাৰ্চৰ নিশা গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাউছ এভিনিউ আদালতৰ বিশেষ চিবিআই ন্যায়াধীশ কাবেৰী বাৱেজাই ইডিয়ে আগলৈ জিম্মাত নিবিচৰাত জে’ললৈ প্ৰেৰণ কৰে কেজৰিৱালক।

Shahnawaz Hamza

Related