টীয়কৰ লাহিংত ৫০০ সংখ্যক বীৰাংগনা সতী সাধনী দিৱস

টীয়কৰ লাহিংত ৫০০ সংখ্যক বীৰাংগনা সতী সাধনী দিৱস

যোৰহাট জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত তথা লাহিং আঞ্চলিক সমিতিৰ উদ্যোগত দুদিনীয়াকৈ সতী সাধনী দিৱস উদযাপন কৰা হৈছে। আজি সকলোৱে সাধনীৰ দেশপ্ৰেম, ত্যাগ,অনন্য সাহসক সোঁৱৰিছে শ্ৰদ্ধাৰিছে।অষ্টমজন চুতীয়া ৰাজ্যৰ ৰজা ধৰ্মধ্বজপালৰ কন্যা আছিল সাধনী।চুতীয়া ৰাজ্যৰ শেষৰ গৰাকী ৰাণী আছিল সাধনীহ
আহোম ৰজা দিহীঙ্গীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰোতে চন্দনগিৰী পৰ্বতত আশ্ৰয় লৈ ৰাণী সাধনীয়ে সাহসেৰে যুজ দিছিল আহোম ৰজাৰ সেনানীৰ বিৰুদ্ধে। সাধনীৰ এই দেশপ্ৰেমৰ প্ৰতি সন্মান জনাই পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ,বয়োজ্যেষ্ঠক সন্মান আদিকৰি কেইবাটাও কাৰ্যসূচীৰ পাছত ৫০০ সংখ্যক সাধনী দিৱসৰ লগত সংগতি ৰাখি ৫০০ গৰাকীকৈ নাচনীৰে বিহু মাৰি এক ব্যতিক্ৰমী অনুষ্ঠান পৰিবেশন কৰিছে উদ্যোক্তাসকলে যি বিহুক বীৰংগণাগৰাকীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অধিক সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।ইপিনে উক্ত অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি উদযাপন সমিতিৰ সভাপতিৰ গুৰুদ্বায়িত্ব পালন কৰি দিনযোৰা কাৰ্যসূচীত বিহু মাৰি আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে।

Shahnawaz Hamza

Related