টীয়কত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

1 min read

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধি(Price Hike)ৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ(Protest) অব্যাহত ৰাখিছে বিৰোধী দল কংগ্ৰেছৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনসমূহে ৷ বুধবাৰে টীয়কত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থা(AASU)ই ৷ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ আহ্বানত অত্যাৱশ্যকীয় সামগ্ৰীৰ আৰু লগতে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে টীয়ক ছাত্ৰ সংস্থা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা , কাকজান আঞ্চলিক ছাত্ৰ সন্থা, চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থা, লাহিং ছাত্ৰ সন্থাৰ সদস্যসকল ৷ টীয়ক ৰাজ্যিক বাছ আস্থানৰ সমীপৰ পৰা টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈকে এক প্ৰতিবাদী ৰেলী বাহিৰ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

দেশৰ পেট্ৰ’লিয়াম মন্ত্ৰীলৈ টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে আছু নেতাসকলে ।

প্ৰতিবাদত ৰাজ্যৰ যোগান মন্ত্ৰীক সামগ্ৰী মূল্যবৃদ্ধিৰ ৰোধৰ ক্ষেত্ৰত ব্যৰ্থ বুলি অভিহিত কৰিছে প্ৰতিবাদকাৰীসকলে ৷ যিহেতু ক’ভিডসৃষ্ট (Covid) পৰিৱেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰিছে, সেয়েহে এই ক্ষেত্ৰত ৰাজ্যৰ যোগান বিভাগক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায় ছাত্ৰ সংগঠনে ৷

You May Also Like

More From Author