ড০ সমুজ্জল ভট্টাচাৰ্যৰে কোনো সংঘাত নাই বুলি ঘোষণা আছু সভাপতিৰ

1 min read

যি সময়ত আছুৰ মজিয়াত প্ৰথমবাৰৰ বাবে ড০ সমুজ্জল ভট্টাচাৰ্য আৰু আছু নেতৃত্বৰ সংঘাত সম্পৰ্কত সদ্য আছু ত্যাগী সীমান্ত ঠাকুৰীয়া সহ একাংশই মুকলি বিদ্ৰোহ ঘোষণা কৰি আছুৰ মজিয়াত বৰ ভূঁইকম্প ৰ সৃষ্টি কৰিছে সেই সময়তে আজি মৰিগাঁও ত আছুৰ সভাপতি দীপাংক নাথে ঘোষণা কৰিলে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যৰ সৈতে আছু নেতৃত্বৰ কোনো সংঘাত হোৱা নাই , সংঘাত থকা হলে দীপাংক নাথ আৰু লুৰিণ জ্যোতি গগৈয়ে দায়িত্ব লোৱাৰ পিছত আছুৰ সংবিধানত নথকা মুখ্য উপদেষ্টাৰ পদ সৃষ্টি কৰি ডঃ ভট্টাচাৰ্যক আছুৰ মজিয়ালৈ সসন্মানৰেৰে লৈ নানিলেহেতেন। পিছত সংবিধান সংশোধন কৰিহে মুখ্য উপদেষ্টা পদতো বিধি সন্মত কৰা হৈছিল। অভিযোগকাৰী আছু ত্যাগী নেতাজনে কোনো কোনো কম শিক্ষিত আৰু দুষ্ট চক্ৰৰ পাল্লাত পৰিছে যাৰ বাবে তেওঁ প্ৰলাপ বকিছে। ড০ ভট্টাচাৰ্য বিগত দিন সমূহত যথেষ্ট অসুস্থ হৈ আছে কোনটো ফোন যোগে তেওঁৰ সৈতে আছু নেতৃত্বই যোগাযোগ অব্যাহত ৰাখিছে আৰু এনে অৱস্থাত কোনোবাই আছু আৰু ড০ ভট্টাচাৰ্য্য ৰ মাজত সংঘাত সৃষ্টিৰ হোৱা বুলি যদি ক’ব বিচাৰিছে তেন্তে তেওঁ প্ৰলাপ বকাই নহয় মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আনহাতে শেহতীয়াকৈ অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যত মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ সম্পূৰ্ণ বিৰোধিতা কৰা বুলি আছুৰ সভাপতি গৰাকীয়ে ঘোষণা কৰে। হঠাৎ চৰকাৰে এনে এটা পৰম্পৰাগত শিক্ষা ব্যৱস্থা বন্ধ কৰিলে তাৰ পৰা সমাজত পৰিব পৰা প্ৰভাৱৰ বিষয়ে চিন্তা নকৰাকৈ কেনেকৈ এনে ধৰণৰ সিদ্ধান্ত ল’ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে দীপাংক নাথে।

Source: Niyomiyabarta.com

You May Also Like

More From Author