তিনি দশকৰ সৰ্ববৃহৎ ভূমিকম্প টাইৱানত, ভূমিকম্পৰ পিছত ছুনামিৰ আশংকা

তিনি দশকৰ সৰ্ববৃহৎ ভূমিকম্প টাইৱানত, ভূমিকম্পৰ পিছত ছুনামিৰ আশংকা

বুধবাৰে পুৱাই টাইৱানৰ উপকূলীয় অঞ্চলত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই ৰাজধানী টাইপেই জোকাৰি যায়। ভূমিকম্পৰ ফলত টাইপেৰ বহু ঠাইত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ লগতে দক্ষিণ জাপান আৰু ফিলিপাইনছৰ দ্বীপসমূহৰ বাবে ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। পূব টাইৱানত কেইবাটাও অট্টালিকা ভাঙি গৈছে যদিও এতিয়ালৈকে ক্ষয়-ক্ষতিৰ কোনো তথ্য পোৱা হোৱা নাই।

সংবাদ সংস্থা ৰয়টাৰৰ মতে, টাইৱান আৰু অকিনাৱা, জাপান আৰু ফিলিপাইনছত ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। টাইৱানত ইণ্টাৰনেট বন্ধ হোৱাৰ বাতৰি পোৱা গৈছে। টাইৱানৰ টেলিভিছন ষ্টেচনসমূহে ভূমিকম্পৰ অভিকেন্দ্ৰৰ ওচৰৰ হুয়ালিনত কিছুমান ভাঙি পৰা অট্টালিকাৰ ফুটেজ দেখুৱাইছিল আৰু সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে কিছুমান লোক আবদ্ধ হৈ আছে। ৰয়টাৰৰ এজন প্ৰত্যক্ষদৰ্শীৰ মতে, চাংহাই পৰ্যন্ত এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে।

৩ মিটাৰ পৰ্যন্ত ছুনামিৰ প্ৰভাৱৰ সম্ভাৱনা আছে
টাইৱানৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰশাসনে জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু টাইৱান দ্বীপৰ পূব উপকূলৰ পানীত, যিটো পূব কাউন্টি হুয়ালিনৰ উপকূলৰ ঠিক ওচৰতে আছে। জাপানে দক্ষিণ প্ৰিফেকচাৰ অকিনাৱাৰ উপকূলীয় অঞ্চল খালী কৰাৰ পৰামৰ্শ জাৰি কৰে। জাপান বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি জাপানৰ দক্ষিণ-পশ্চিম উপকূলৰ বিস্তৃত অঞ্চলত ৩ মিটাৰ পৰ্যন্ত ছুনামিৰ প্ৰভাৱৰ সম্ভাৱনা আছে।

ফিলিপাইনছৰ ভূমিকম্প বিজ্ঞান সংস্থাইও কেইবাখনো প্ৰদেশৰ উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক সতৰ্কবাণী জাৰি কৰি মানুহক ওখ ঠাইলৈ যাবলৈ আহ্বান জনায়। চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, চীনৰ ফুজিয়ান প্ৰদেশৰ ফুজৌ, জিয়ামেন, কোৱানঝৌ আৰু নিংডেতো এই ভূমিকম্প অনুভৱ কৰা হৈছে। টাইৱানৰ অফিচিয়েল চেণ্ট্ৰেল নিউজ এজেন্সীয়ে জনোৱা মতে, ১৯৯৯ চনত ৭.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পত প্ৰায় ২৪০০ লোকৰ মৃত্যু হোৱাৰ পিছত এই দ্বীপটোত সংঘটিত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্প।

Shahnawaz Hamza

Related