তেজপুৰত মাটিৰ দালালৰ বিৰুদ্ধে Spot Action মন্ত্ৰী পীযুষ হাজৰীকাৰ
৯০ বছৰীয়া ককাৰ অভিযোগৰ পিছতেই মাটিৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ জিলা আয়ুক্তক নিৰ্দেশ মন্ত্ৰী হাজৰীকাৰ…
তেজপুৰত মাটিৰ দালালৰ বিৰুদ্ধে Spot Action মুডত মন্ত্ৰী পীযুষ হাজৰীকা। ‘কোন ৰাজা বাবু? আজিয়েই উঠাই লৈ আহক’ বুলি জিলা আয়ুক্তক আজি কঠোৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ। ৯০ বছৰীয়া এগৰাকী অসহায় ককাৰ অভিযোগৰ পিছতেই আজি তেজপুৰত মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে মন্ত্ৰী হাজৰীকাই। অশীতিপৰ বৃদ্ধগৰাকী তেজপুৰৰ বেছেৰীয়াৰ নৰেন চন্দ্ৰ পাঠক। উল্লেখ্য যে জালিয়াতিৰে মাটি হস্তগত কৰা দালালৰ বিৰুদ্ধে আজি শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহিছিল এই ৯০ বছৰীয়া বৃদ্ধগৰাকী। তেনে সময়তে আয়ুক্ত কাৰ্যালয় চৌহদত মন্ত্ৰী পীযুষ হাজৰীকাক লগ পাই সমস্ত ঘটনা বৃদ্ধজনে অসহায়ভাৱে অৱগত কৰে। তেজপুৰ তিনিআলিৰ জনৈক ৰাজা বাবুৱে জালিয়ালি কৰি বৃদ্ধগৰাকীৰ পৰা ডেৰ কঠা মাটি হস্তগত কৰি লোৱা বুলি বৃদ্ধগৰাকীয়ে অভিযোগ কৰে। নিশা ৯ বজাত তেওঁৰ পৰা চহী কৰাই ৰাজা বাবুৱে মাটিখিনি হস্তগত কৰি লোৱা বুলি বৃদ্ধগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে অসহায় বৃদ্ধগৰাকীৰ কথাখিনি মনোযোগেৰে শুনাৰ পিছত বৃদ্ধগৰাকীক আশ্বস্ত কৰে আৰু জিলা আয়ুক্তক বিষয়টো গুৰুত্বসহকাৰে লৈ তৎকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
ইপিনে, বৰ্ডাৰ ৰোডছ বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা বৃদ্ধজনে দালালৰ এনে কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে মই বৰ্ডাৰ ৰোডছ বিভাগত সুদীৰ্ঘ কাল চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিছো। মোৰ পিতৃ প্ৰয়াত হেমৰাম পাঠক মুক্তি যুঁজাৰু আছিল। এতিয়া বুঢ়া বয়সত মোৰ মাটি কাঢ়ি লৈছে। আনহাতে, মন্ত্ৰীগৰাকীয়ে দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াত ককাৰ মনত আশাৰ সঞ্চাৰ হৈছে। অতদিনে হৈ নুঠা কাম যেন হৈ উঠিব ককাৰ৷ ককাই ধন্যবাদ জনায় মন্ত্ৰী পীযুষ হাজৰীকাক৷ ধন্যবাদ দিলে উপস্থিত সাংবাদিকসকলকো৷