দিল্লীৰ জুপৰীত মানুহ থাকিব নোৱাৰে, নৰকত বাস কৰে দিল্লীৰ আবাসীসকলে

দিল্লীৰ জুপৰীত মানুহ থাকিব নোৱাৰে, নৰকত বাস কৰে দিল্লীৰ আবাসীসকলে

অসমৰ মাটিত ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মুকলি প্ৰত্যাহ্বান দি গ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal)৷ ৰাজ্যৰ শিক্ষা, স্বাস্থ্যৰ পৰা কয়লা, চুপাৰীৰ ছিণ্ডিকেটক লৈ এটাৰ পাছত আনটো অভিযোগ অৰবিন্দ কেজৰিৱালৰ৷ পিছে, কেজৰিৱালৰ এই মন্তব্যৰ বিপৰীতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)৷

হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘দিল্লী বিধানসভাত মোৰ বিৰুদ্ধে কাপুৰুষৰ দৰে বহু অভিযোগ আনিছিল কেজৰিৱালে৷ কিন্তু বিধানসভাৰ বাহিৰত এনে অভিযোগ আনিবলৈ আহ্বান জনাইছিলো৷ কিন্তু এনে কোনো অভিযোগ আনিবলৈ সক্ষম নহ’ল কেজৰিৱালে৷ বিপৰীতে মা কামাখ্যা আৰু ব্ৰহ্মপুত্ৰৰ সন্মুখত কেজৰিৱালে কৰি গ’ল কেতবোৰ মিছা প্ৰচাৰ৷’’

দিল্লীত ১২ লাখ চাকৰি দিয়াৰ কথা কৈছে কেজৰিৱালে৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে খবৰ লৈ গম পালে দিল্লীত সৰ্বমুঠ ডেৰ লাখ চাকৰি আছে৷ ১২ লাখ চাকৰি ক’ত ক’ত কেজৰিৱালে কেতিয়া দিলে তাৰ তথ্য বিচাৰিব মুখ্যমন্ত্ৰী শৰ্মাই৷ এইক্ষেত্ৰত দিল্লী চৰকাৰলৈ পত্ৰ লিখাৰ কথাও ক’লে মুখ্যমন্ত্ৰী শৰ্মাই৷

প্ৰশ্নকাকত ফাদিল বিষয়ত কেজৰিৱালৰ মন্তব্য প্ৰসংগতো উত্তৰ দিলে মুখ্যমন্ত্ৰী শৰ্মাই। ড০ শৰ্মাই কয়, চলিত বছৰত পঞ্জাবত দ্বাদশ শ্ৰেণীৰ ইংৰাজী প্ৰশ্নকাকত ফাদিলৰ বাবে সমগ্ৰ পৰীক্ষা বাতিল কৰিছিল৷ অসমত প্ৰশ্নকাকত কংগ্ৰেছে ফাদিল কৰিছে, সেয়া স্পষ্ট হৈছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ৷

GTM Desk

Related