দৰঙত ১৪৪ ধাৰা জাৰি

দৰঙত  ১৪৪ ধাৰা জাৰি

মঙলদৈ পৰা মকছেদ আলিৰ ৰিপৰ্ট,১৮ মে : সমগ্ৰ দৰং জিলাখনত শান্তি-সম্প্ৰীতি অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশে তৎকালীনভাৱে বলবৎ হোৱাকৈ সমগ্ৰ জিলাতে ১৪৪ ধাৰা জাৰি কৰিছে । এই অনুসৰি উপায়ুক্তৰ কাৰ্যালয়ত অকতৃত্বশীল ব্যক্তিৰ প্ৰৱেশ বা কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত ধৰ্ণা অনুষ্ঠিত কৰা, ৫ জন বা ততোধিক ব্যক্তি কতৃপক্ষৰ অনুমতি নোলোৱাকৈ ৰাজহুৱা স্থানত বা ৰাষ্ট্ৰীয় ঘাইপথত সমাগম হোৱা, সাম্প্ৰদায়িক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা শোভাযাত্ৰা, সভা, প্ৰতিবাদী সভা, ধৰ্ণা, ৰেলী অনুষ্ঠিত কৰা, ৰাজহুৱা স্থানত ব্যক্তি বা দলৰ দ্বাৰা মাৰণাস্ত, লাঠি, চোকা অস্ত্ৰ-সস্ত্ৰ, ধনুকাড়, ডেগাৰ, তৰোৱাল, ত্ৰিশূল আদি লৈ ফুৰা আৰু প্ৰদৰ্শন কৰা, কতৃপক্ষৰ অনুমতি অবিহনে মাইকৰ ব্যৱহাৰ কৰা, কোনো ব্যক্তি বা কাৰ্যালয়ৰ প্ৰাঙ্গন, গুদাম ঘেৰাও কৰা, ৰাজহুৱাস্থানত সভা, ৰেলী আয়োজন কৰা, চৰকাৰী গৃহ, বেৰত পোষ্টাৰ লিখন আৰু লগতে জিলাখনলৈ অথবা জিলাখনৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৭ বজালৈকে সকলো ধৰণৰ ফেৰী আৰু নাও চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে । ইয়াৰ উপৰি অসামৰিকলোকে সামৰিক পোছাক পৰিধানৰ ক্ষেত্ৰতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব ।এই নিষেধাজ্ঞা অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । পুণৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত এই ধাৰা অব্যাহত থাকিব ।

Desk Editor