ধিংঙত পিস্টল ,গ্ৰেনেড অাৰু চাৰি জাই সজীৱ গুলীসহ অাটক কুখ্যাত ডকাইত ।

ধিংঙত পিস্টল ,গ্ৰেনেড অাৰু চাৰি জাই সজীৱ গুলীসহ অাটক কুখ্যাত ডকাইত ।

ধিঙৰ শালকাটি গাৱঁত নিশা আৰক্ষীয়ে অভিযান চলাই অবৈধ মৰনাস্ৰ সহ আটক কৰে কুথ্যত অপৰাধী এটাক ৷ ধৃত কুখ্যাত অপৰাধীটো শালকাটি গাঁৱৰ মফিদুল ইছলাম ৷ আৰক্ষীয়ে অভিযান চলাই কুখ্যাত অপৰাধী মফিদুল ইছলামৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এটা পিষ্টল , এটা গ্ৰেনেড সহ চাৰিটা সজীৱ গুলী । নগাঁও জিলাৰ উপ আৰক্ষী অধিক্ষক জন দাসৰ নেতৃত্বত চলিছিল এই অভিযান ৷ কুখ্যাত অপৰাধীটোৱে আৰক্ষীৰ অভিযানত দুৱাৰ খুলি নিদিয়াত ধিং চক্ৰ বিষয়া মৃনাল বৰাৰ উপস্থিতিত দুৱাৰ ভাঙি ভিতৰত প্ৰবেশ কৰি আটক কৰে মফিদুলক ৷ ইতিমধ্যে ধিং অাৰক্ষীয়ে মাৰনাস্ত্ৰৰ লগতে কুখ্যাত অপৰাধী মফিদুলক অাটক কৰি ধিং থানাত জেৰা অব্যাহত ৰাখিছে । বিগত সময়তো বহুকেইটা অপৰাধৰ লগত জড়িত অাছিল মফিদুল ।

জুৰীয়াৰ পৰা পদুম ভূঞা |

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.