নগাঁও ছোৱালী মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন, গ্ৰীণ হিৰ’ বঁটা প্ৰদান

1 min read

 

নিউজ ব্যুৰ’,নগাঁও,৬জুন:–নগাঁও ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত আৰু পান্হতৰু সংৰক্ষণী,অসমৰ সহযোগত বিশ্ব পৰিবেশ দিৱস মহাবিদ্যালয়ৰ চৌহদত উদযাপন কৰা হয় ৷ পুৱা ৯বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীৰ আৰম্ভণিতে নগাঁৱৰ বিশিষ্ট শিল্পী তথা পান্হতৰুৰ সতীৰ্থ বিজয় ভূঞা আৰু নৃপেন শইকীয়াই পেলনীয়া প্লাষ্টিক যেনে– বটল, টেমা,ব্ৰাছ,কলম আদিৰে নিৰ্মাণ কৰা আটক ধুনীয়া শিল্পকৰ্ম (হাতী)টি ফিটা কাটি উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাসে । গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট পৰিবেশকৰ্মী দিলোৱাৰ হুছেইনে আৰু পেলনীয়া প্লাষ্টিকেৰে সপ্তম শ্ৰেণীৰ পৰা স্নাতক বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত Craft making প্ৰতিযোগিতাৰ দুৱাৰ মুকলি কৰে শিল্পী বিজয় ভূঞাই । ইয়াৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা । পান্হতৰুৰ সম্পাদক বুবুল শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি মানৱ শৰীৰ তথা পৃথিৱীক ৰুগীয়া কৰি তোলা প্লাষ্টিকৰ বিকল্প ব্যৱহাৰৰ বাবে আহবান জনায় । উক্ত অনুষ্ঠানত উপস্থিত থকা দেশৰ বিশিষ্ট পৰিবেশবিদ বিভৱ তালুকদাৰে পলি বেগ বৰ্জন কৰাৰ আহবান জনায় ৷ উক্ত অনুষ্ঠানতে শিল্পী বিজয় ভূঞাক আদৰণি জনোৱাৰ লগতে ২০২৩ চনত “পঞ্চম বাৰ্ষিক গ্ৰীণ হিৰ’ বঁটা” প্ৰদান কৰা হয় লাওখোৱা- বুঢ়াচাপৰি অভয়াৰণ্যৰ জীৱজন্তুৰ তথা সংৰক্ষণত একান্ত চিত্তে সেৱা আগবঢ়াই অহা সেই অঞ্চলৰ নাগৰিক অভিজিৎ কোঁৱৰ শৰ্মাক । লগতে অনুষ্ঠানটোত আদৰণি জনোৱা হয় সৰু ব্যৱসায় কৰিও আঁহত পুলি ৰোপন কৰি ডাঙৰ দীঘল কৰি পৰিবেশ সুৰক্ষাৰ বাবে কাম কৰা মধ্যম বিশ্বাসক ।অনুষ্ঠানৰ শেষত মহাবিদ্যালয়ত পান্হতৰুৰ সদস্যসকলে চৌহদত ফলমূলৰ গছপুলি ৰোপণ কৰাৰ উপৰিও পূৰ্বতে ৰোপণ কৰা গছপুলিসমূহত পানী দিয়াৰ কাৰ্যসূচী সম্পন্ন কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author