Advertisement

নগাঁও জিলাৰ জুৰীয়াৰ মেলেকাধিংত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁও জিলাৰ জুৰীয়াৰ মেলেকাধিংত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁও জিলাৰ জুৰীয়াৰ মেলেকাধিংত ভয়ংকৰ পথ দুৰ্ঘটনা ,তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হ’ল এজন বাইক আৰোহী |
জুৰীয়াৰ মেলেকাধিং ত বাইক আৰু নম্বৰ প্লেট বিহীন  এখন টাটা মৱাইল বাহনৰ মুখামূখি সংঘৰ্ষত নিহত হয় বাইক আৰোহীজন |
নিহত বাইক আৰোহী জন জুৰীয়াৰ ধিংবৰি চাপৰিৰ ইছমাইল ইছলাম বুলি জানিব পৰা গৈছে।
ঘটনা সংঘটিত কৰি টাটামবাইল বাহন এৰি পলায়ন কৰে চালকজনে |
ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা সৃষ্টি হোৱাৰ লগতে উপস্থিত  ৰাইজে দূৰ্ঘটনা সংঘটিত কৰা টাটা মৱাইল বাহনখন জ্বলাই দিয়াৰ চেষ্টা কৰে যদিও আৰক্ষীৰ তৎপৰতাত ৰক্ষা কৰিবলৈ সক্ষম হয় ৷
দগাওঁ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Shahnawaz Hamza

Related