নগাঁও জিলাৰ জুৰীয়া আমতলাত দেওবাৰে বিয়লি সমাজত চলি থকা নিষিদ্ধ ড্ৰাগছ মদৰ অবাধ প্ৰচলনৰ বিৰূদ্ধে এক সজাগতা সভাৰ আয়োজন কৰা হয় ৷

1 min read

নগাঁও জিলাৰ জুৰীয়া আমতলাত সমাজত চলি থকা নিষিদ্ধ ড্ৰাগছ আৰু মদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ ৷ দেওবাৰে বিয়লি এক সভা অনুষ্ঠিত কৰি ইয়াৰ বিৰুদ্ধে এক প্ৰবল প্ৰতিবাদৰ বাবে এখন বলিষ্ঠ সমিতিও গঠন কৰি লয় ৰাইজে যাতে কোনো কাৰণতে আমতলা বালুকতিয়া টকৌবাৰি আদি অঞ্চলত এই চক্ৰটো যাতে সোমাই উঠি অহা প্ৰজন্মক ক্ষতি কৰিব নোৱাৰে ৷ সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ইয়াৰ বিৰুদ্ধে এক সৱল প্ৰতিবাদৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাই ৷
https://www.facebook.com/watch/?v=2102016833259355
বিশেষ মন কৰিব লগিয়া কথাটো হল উক্ত সভাত উপস্থিত আছিল নগাঁও হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জন ৷ তেখেতৰ পৰা ৰাইজে সমাজত চলি থকা এই সমস্যা সমোহৰ বিৰুদ্ধে দৃঢ় প্ৰতিশ্ৰুতি লাভ কৰিব আৰু তেওঁৰ প্ৰতিশ্ৰুতিৰ ওপৰত ৰাইজে এই সমস্যা সমুহৰ বিৰুদ্ধে আগবাঢ়ি যাব কিন্তু এই আৰক্ষী বিষয়া জনে ৰাইজক ধৰ্মৰ দোহাই দি কিছুমান টুলুঙা মন্তব্যহে দিয়া পৰিলক্ষিত হয় ৷ বহু বাৰ ৰাইজে ড্ৰাগছ বিক্ৰেতা আৰু সেৱন কাৰিক ধৰি থানাত চমজাই দিছে যদিও বৰ্তমানেও কোনো সু ফল লাভ কৰা নাই ৷

পদুম ভূঞা Report GTM

You May Also Like

More From Author