নগাঁও জিলাৰ ৰূপহীহাটত বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্ষনৰ অভিযোগ ৷ ৰূপহী থানাত গোচৰ ৰুজু ৷

নগাঁও জিলাৰ ৰূপহীহাটত  বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্ষনৰ অভিযোগ ৷ ৰূপহী থানাত গোচৰ ৰুজু ৷


নগাঁও জিলাৰ ৰূপহীহাটত বিজেপি নেতাৰ বিৰুদ্ধে পুনৰ উথ্থাপিত হৈছে ধৰ্ষনৰ অভিযোগ ৷ পৰস্ত্ৰীক বিয়াৰ প্ৰলোভনেৰে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰূপহীহাটৰ বৰপকাৰ বিজেপি নেতা শ্বাহ আলমৰ বিৰুদ্ধে ৷ লম্পট বিজেপি নেতা শ্বাহ আলমে বহি ৰাজ্যত স্বামী কৰ্মৰত থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বৰপকা গাৱৰ এগৰাকী মহিলাক বিভিন্ন ছলাহি কথা তথা বিয়াৰ প্ৰলোভনেৰে শাৰিৰীক সম্পৰ্ক স্হাপন কৰাত মহিলা গৰাকী গৰ্ভৱতী হৈ পৰে ৷ ৰূপহীমডেল চিকিৎসালয়ত মহিলা গৰাকীয়ে পৰীক্ষা কৰি গৰ্ভৱতী হোৱা বুলি নিশ্চিত হোৱাৰ পিছত এই সম্পৰ্কে শ্বাহ আলমক অৱগত কৰায় ৷ লম্পট বিজেপি নেতা আলমে বিভিন্ন ভয় ভাবুকিৰে মহিলা গৰাকীক ভিতিগ্ৰস্ত কৰি নগাঁও চহৰৰ লাওখোৱা ৰোডস্হিত এখন ব্যক্তিগত চিকিৎসালয় এখনত নিজকে মহিলা গৰাকীৰ স্বামী বুলি পৰিচয় দি গৰ্ভপাত কৰায় ৷ মহিলা গৰাকীয়ে ঘটনা সংক্ৰান্তত ৰূপহীহাট থানাত 283/19 নম্বৰত এক গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে এতিয়ালৈকে আটক কৰা নাই লম্পট নেতাজনক ৷ইফালে ক্ষমতাৰ ৰাগীত মতলীয়া এই গৰাকী পাবত গজা নেতাৰ বিৰুদ্ধে কোনো লোকে মাত মাতিলেই আৰক্ষীৰ ভয় দেখুৱাই মুখ বন্ধ ৰখাৰ চেষ্টা চলাই অহা বুলিও অভিযোগ উঠিছে।

জুৰীয়াৰ পৰা পদুম ভূঞা

Ali