নগাঁৱত জ্যেষ্ঠ সাংবাদিক , সমাজ সংগঠক ৰাজেন বৰকাকতিৰ ৮৮ সংখ্যক ওপজা দিন উদযাপন ।

নগাঁৱত জ্যেষ্ঠ সাংবাদিক , সমাজ সংগঠক ৰাজেন বৰকাকতিৰ ৮৮ সংখ্যক ওপজা দিন উদযাপন ।

নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক , সমাজ সংগঠক , বিশিষ্ট ক্ৰীড়াবিদ ৰাজেন বৰকাকতিৰ ৮৮ সংখ্যক ওপজা দিনটো নগাঁৱত উদযাপন কৰা হয় । শিল্পী সমাজ অসমৰ উদ্যোগত নগাঁৱৰ নেহৰু যুৱ কেন্দ্ৰত এই উপলক্ষে এখনি সভাও অনুষ্ঠিত হয় । শিল্পী সমাজৰ সভাপতি ৰাতুল নেওগৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই সভাখনতে বৰ্ষীয়ান সাংবাদিক তথা ক্ৰীড়া সাংবাদিক গৰাকীক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ফুলৰ থোপা , গামোচা , জাপি , কিতাপৰ টোপোলা আৰু শৰাইৰে ওপজা দিনৰ ওলগ জনায় । এই অনুষ্ঠানটিতে তেখেতৰ এখনি অভিনন্দন গ্ৰন্থও উন্মোচন কৰা হয় । সাংবাদিক জিতেন বৰকটকীৰ সম্পাদনাৰ গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে ।

Adil Shah Alam report, Nagaon.

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.