নগাঁৱত জ্যেষ্ঠ সাংবাদিক , সমাজ সংগঠক ৰাজেন বৰকাকতিৰ ৮৮ সংখ্যক ওপজা দিন উদযাপন ।

1 min read

নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক , সমাজ সংগঠক , বিশিষ্ট ক্ৰীড়াবিদ ৰাজেন বৰকাকতিৰ ৮৮ সংখ্যক ওপজা দিনটো নগাঁৱত উদযাপন কৰা হয় । শিল্পী সমাজ অসমৰ উদ্যোগত নগাঁৱৰ নেহৰু যুৱ কেন্দ্ৰত এই উপলক্ষে এখনি সভাও অনুষ্ঠিত হয় । শিল্পী সমাজৰ সভাপতি ৰাতুল নেওগৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই সভাখনতে বৰ্ষীয়ান সাংবাদিক তথা ক্ৰীড়া সাংবাদিক গৰাকীক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ফুলৰ থোপা , গামোচা , জাপি , কিতাপৰ টোপোলা আৰু শৰাইৰে ওপজা দিনৰ ওলগ জনায় । এই অনুষ্ঠানটিতে তেখেতৰ এখনি অভিনন্দন গ্ৰন্থও উন্মোচন কৰা হয় । সাংবাদিক জিতেন বৰকটকীৰ সম্পাদনাৰ গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে ।

Adil Shah Alam report, Nagaon.

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author