নগাঁৱত দিন ডকাইতি । চল্লিশ হাজাৰ লুট মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তৰ ।

1 min read

নগাঁৱত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস । এইবাৰ নগাঁৱৰ কৃষ্ণাহল চাৰিআলিৰ পৰা মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই এগৰাকী লোকৰ পৰা থপিয়াই নিয়ে এটা টকা ভৰ্ত্তি বেগ । জুৰীয়াৰ ফৰিদ উদ্দিন খান নামৰ লোকজনৰ পৰা এই বেগটো পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিয়ে । বেগটোত নগদ চল্লিশ হাজাৰ টকাৰ লগতে কিছু গুৰুত্বপূৰ্ণ নথি-পত্ৰও আছিল । ইতিমধ্যে ঘটনা সন্দৰ্ভত নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে ফৰিদ উদ্দিন খানে । উল্লেখ্য যে , ইয়াৰ পূৰ্বেও নগাঁও চহৰত সংঘটিত হৈছে এনে বহুকেইটা ঘটনা ।

নগাঁৱৰ পৰা আদিল শ্বাহ।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author