নগাঁৱত ভুৱা প্ৰতিষ্ঠানৰ দৌৰাত্ম্য । গ্ৰাহকক ঋণ দিয়াৰ প্ৰলোভনৰে ধন আত্মসাৎ । Fake Bank Busted

নগাঁৱত ভুৱা প্ৰতিষ্ঠানৰ দৌৰাত্ম্য । গ্ৰাহকক ঋণ দিয়াৰ প্ৰলোভনৰে ধন আত্মসাৎ । Fake Bank Busted

নগাঁৱত ভুৱা প্ৰতিষ্ঠানৰ দৌৰাত্ম্য । গ্ৰাহকক ঋণ দিয়াৰ প্ৰলোভনৰে ধন আত্মসাৎ । ক্ষুব্ধ গ্ৰাহকে পৰিচালিকাক ঘেৰাও কৰি গতালে আৰক্ষীক* ।

গ্ৰাহকক ঋণ প্ৰদানৰ প্ৰলোভনৰে লাখ লাখ টকা আত্মসাৎ কৰি অৱশেষত গ্ৰাহকৰেই ৰোষৰ বলি হৈ নগাঁৱত এতিয়া ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ পৰিচালিকা । নগাঁৱত মাচ্চ ইণ্ডিয়াৰ লখিমী ইণ্ডিয়া নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ শাখা খুলি জনৈক ভানু বৰা নামৰ এগৰাকী মহিলাই চলাই আহিছিল লুণ্ঠন । উত্থাপিত অভিযোগ অনুসৰি নগাঁৱৰ পাঠৰি অঞ্চলৰ এইগৰাকী মহিলাই ঋণ প্ৰদান কৰাৰ প্ৰলোভনৰে জিলাখনৰ শ শ গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিছিল ১২০০ টকাকৈ । ইয়াৰোপৰি ফৰ্ম প্ৰদানৰ নামতো প্ৰতিগৰাকী গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিছিল এশ টকাকৈ । ভুৱা পঞ্জীয়ন আৰু ভুৱা কাৰ্যালয় দেখুৱাই চতুৰ মহিলাগৰাকীয়ে গ্ৰামাঞ্চলৰ একাংশ লোক বিশেষকৈ মহিলাৰ পৰা সংগ্ৰহ কৰিছিল এই ধন । মঙলবাৰে মহিলাগৰাকীৰ এই দুষ্কাৰ্যৰ সম্পৰ্কে একাংশ লোকৰ সন্দেহ ওপজাত মহিলাগৰাকীক ঘেৰাও কৰি জৱাৱদিহি কৰাৰ পিছত ক্ষুব্ধ গ্ৰাহকসকলে ভানু বৰা নামৰ মহিলাগৰাকীক নগাঁও আৰক্ষীৰ হাতত গটাই দিয়ে । ইফালে ধৃত মহিলাগৰাকীয়ে তেওঁৰ সৈতে জনৈক অজিত চৌধুৰী নামৰ এজনো লোকো জড়িত আছে বুলি স্বীকাৰ কৰিছে ।

নগাঁৱৰ পৰা আদিল শ্বাহ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.