নগাঁৱত সহায় কৰাৰ চলেৰে মহিলাৰ পৰা ধন লুট দুৰ্বৃত্তৰ ।

1 min read

আপুনি ATM ৰ পৰা ধন উলিয়াবলৈ যাওঁতে আপোনাক কোনোবাই সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে নেকি ? যদি দিয়ে সেই অজ্ঞাত ব্যক্তিৰ চলাহী কথাত আপুনি পতিয়ন নাযাব ।

নহ’লে নিমিষতে আপোনাৰ কষ্টোপাৰ্জিত ধন লৈ উধাও হ’ব সেই চলাহী কথা কোৱা দুৰ্বৃত্তটো । সোমবাৰে নগাঁৱত তেনে এক দশাই হ’ল গীতামণি ডেকা নামৰ এগৰাকী মহিলাৰ ক্ষেত্ৰত । নগাঁৱৰ খুটিকটিয়াৰ এই মহিলা গৰাকীয়ে নিকটৱৰ্তী এটা ATM ৰ পৰা ধন উলিয়াবলৈ গৈছিল স্বামীৰ চিকিৎসা ব্যয়ৰ বাবে । কিন্তু সেই সময়তে ATM টোৰ কাষতে ৰৈ থকা এগৰাকী যুৱকে সহায় কৰি দিয়াৰ চলেৰে মহিলা গৰাকীৰ একাউণ্টৰ পৰা দহ হাজাৰ টকা উলিয়াই লৈ উধাও হয় । সাহসী আৰু দৃঢ়মনা মহিলা গৰাকীয়ে সেই দুৰ্বৃত্তটোৰ সন্ধানত নিজেই আৰম্ভ কৰিলে অভিযান । গোটেই দিনটো মহিলা গৰাকীয়ে নগাঁও চহৰৰ অ’লিয়ে-গ’লিয়ে ঘূৰি-পকি অৱশেষত নগাঁৱৰ হয়বৰগাঁও অঞ্চলত চিনাক্ত কৰিলেগৈ সেই চলাহী কথাৰে ধন লৈ উধাও হোৱা দুৰ্বৃত্তটোক । স্থানীয় ৰাইজৰ সহযোগত মহিলা গৰাকীয়ে কৰায়ত্ত কৰিলে দুৰ্বৃত্তটোক । পিছত স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিলে প্ৰবঞ্চকটোক ।

Adil shah Report GTM

You May Also Like

More From Author