নগাঁৱৰ উত্তৰ পেটবঢ়াত বিশিষ্ট সাংস্কৃতিক কৰ্মী উমেশ শইকীয়াৰ স্মৃতিত “উমেশ অৰ্ঘ” গ্ৰন্থ উন্মোচন
নিউজ ব্যুৰ’,নগাঁও,৫আগষ্ট :–সদ্যপ্ৰয়াত বিশিষ্ট সাংস্কৃতিক কৰ্মী,অভিনেতা, পৰিচালক,সু-বাদ্যযন্ত্ৰী তথা বলিষ্ঠ ব্যক্তিত্বৰ অধিকাৰী উমেশ শইকীয়াৰ আদ্যশ্ৰাদ্ধ নগাঁও জিলাৰ ঐতিহাসিক ফুলগুৰি অঞ্চলৰ উত্তৰ পেটবঢ়াত অনুষ্ঠিত হৈ যায় । আদ্যশ্ৰাদ্ধ উপলক্ষে প্ৰয়াত শইকীয়াৰ স্মৃতিত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । কলংপৰীয়া বকুলতল শিশু সাংস্কৃতিক গোষ্ঠী আৰু বনচাইৰ উদ্যোগত পৰিয়ালৰ সহযোগত আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানত “উমেশ অৰ্ঘ”নামেৰে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় । গ্ৰন্থখনি উন্মোচন কৰে শিক্ষাবিদ, সমাজকৰ্মী তথা ভকচং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰেৱকান্ত হাজৰিকাই ৷ গ্ৰন্থখনি উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত হাজৰিকাই প্ৰয়াত উমেশ শইকীয়াৰ সফল জীৱন পৰিক্ৰমা আৰু কৰ্মৰাজি সম্পৰ্কে বক্তব্য আগবঢ়ায় । স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে প্ৰয়াত উমেশ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে কলংপৰীয়া বকুলতল শিশু সাংস্কৃতিক গোষ্ঠীৰ সভাপতি জিনু বৰাই তথা পুস্পাঞ্জলি অৰ্পণ কৰে সাহিত্যিক দূৰ্গেশ্বৰ বৰকটকী আৰু বকুলতল নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সোনমণি শইকীয়াই ৷ বিশিষ্ট কবি তথা সম্পাদনা সমিতিৰ সভাপতি মণ্টুমণি বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সমাজসেৱক প্ৰদীপ বৰা,ৰবীন্দ্ৰ শৰ্মা,মহেন্দ্ৰ মেধি,প্ৰণৱ জ্যেতি মেধি,প্ৰয়াত উমেশ শইকীয়াৰ জ্যেষ্ঠ ভাতৃ শশী শইকীয়া,বিক্ৰম বৰা,জীৱন নাথ,সুযোগ্য পত্নী কল্পনা শইকীয়া প্ৰমূখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে “উমেশ অৰ্ঘ্য” স্মৃতিগ্ৰন্থখনি সম্পাদনা কৰিছে যুৱ সাহিত্যিক,কবি লক্ষ্যজ্যোতি বৰাই ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও