নগাঁৱৰ উত্তৰ পেটবঢ়াত শিক্ষক দিৱসত প্ৰাচীৰ পত্ৰিকা “ময়ুৰ কান্তি” উন্মোচন

নগাঁৱৰ উত্তৰ পেটবঢ়াত শিক্ষক দিৱসত প্ৰাচীৰ পত্ৰিকা “ময়ুৰ কান্তি” উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,৫ছেপ্টেম্বৰ:–নগাঁও জিলাৰ উত্তৰ পেটবঢ়াৰ স্বৰ্গীয় ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ৰ আজি শিক্ষক দিৱস উপলক্ষে বিদ্যালয় পৰিচালনা সমিতি আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত এখনি গুৰুসেৱা সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষক মলিন চন্দ্ৰ নাথে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে শিক্ষাবিদ ক্ষিতিকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱকান্ত শইকীয়াৰ বিশেষ উপস্থিতিত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা “বনচাই” কাব্যালোচনীৰ মুখ্য সম্পাদক মদাৰজ্যোতিয়ে শিক্ষক বেদান্ত বৰা আৰু আৰু কংকনামণি শইকীয়াৰ তত্বাৱধানত তথা জয়ন্ত হাজৰিকাৰ ব্যৱস্থাপনাত আৰু ছাত্ৰী জীমণি বৰাৰ সম্পাদনাত আৰু অম্লান জ্যোতি বৰা, সহঃ সম্পাদনাত লিপিকাৰ শিক্ষয়িত্ৰী জিম্পী বৰা,ছাত্ৰী ৰ’জমণি হাজৰিকা আৰু ছাত্ৰ ৰাতুল পাটৰে সৰ্বাংগসুন্দৰ ভাৱে প্ৰস্তুত কৰি উলিওৱা “ময়ুৰকান্তি” নামৰ প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ সক্ৰিয় সদস্য বিত্ৰম বৰা,মৃদুল শইকীয়া আৰু শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ ক্ৰমে জিতেন বৰা,দীপালি দেৱী শইকীয়া, কৃষ্ণা দাস,পম্পী হাজৰিকা,প্ৰীতিস্না বৰুৱা,জিম্পী বৰা,কংকনা শইকীয়া, বেদান্ত বৰা,শিখামণি দাস,জয়ন্ত হাজৰিকা,অনুৰাগ দাস,ৰেখা ভৰালী আৰু অভিভাৱক-অভিভাৱিকাসকলৰ উপস্থিতিত মনোজ্ঞ সভাখনিত ছাত্ৰীসকলৰ দ্বাৰা সমৱেত সংগীত পৰিৱেশনে মুখৰিত হৈ পৰে। সভাত ছাত্ৰী চয়নিকা বৰুৱা আৰু জীমণি বৰাৰ বক্তব্যৰে ৰাখে। সভাখনিৰ আঁত ধৰে বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক বসন্ত কুমাৰ বৰুৱাই ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related