নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

1 min read

 

 

নিউজ ব্যুৰ’,নগাঁও,৭জুন:-ভাৰতীয় জনতা মজদুৰ সংঘৰ উদ্যোগত শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত কালি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কীৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসুচী অনুষ্ঠিত কৰা হয় ৷ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপৰেখা ফুকনৰ সভাপতিত্ব অনুষ্ঠিত সম্বৰ্ধনা সভাত প্ৰকৃতিবিদ তথা লেখক ৰিতুৰাজ ফুকন ভাৰতীয় জনতা মজদুৰ সংঘৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক প্ৰণয় প্ৰতীম ভূঞা, ভাৰতীয় জনতা মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি পৱিত্ৰ তালুকদাৰ,সাধাৰণ সম্পাদিকা ৰীতা ফুকন চামগুৰি জিলা পৰিষদৰ সদস্যা তথা ভাৰতীয় জনতা মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা ৰীতা কাকতিকে ধৰি বহুকেইজন গণ্যমান্য লোক উপস্থিত থাকে ৷ সম্বৰ্ধনা সভাখনৰি পূৰ্বে বিশ্ব পৰিবেশৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ চৌহদতে ভাৰতীয় জনতা মজদুৰ সংঘৰ বিষয়ববীয়া আৰু বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে বৃক্ষৰোপণ কৰে ৷ বৃক্ষৰোপণ কাৰ্যসূচী শুভ উদ্বোধন কৰে চামগুৰি জিলা পৰিষদৰ সদস্যা ৰীতা কাকতিয়ে ৷ সভাত বিশিষ্ট প্ৰকৃতিবিদ-লেখক ৰিতুৰাজ ফুকন উপস্থিত থাকি বৰ্তমান জলবায়ু পৰিবৰ্তন আৰু বৃক্ষৰোপণৰ সম্পৰ্কত ভাষণ প্ৰদান কৰে ৷ ভাৰতীয় জনতা মজদুৰ সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি পবিত্ৰ তালুকদাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱন লক্ষ্যৰ সম্পৰ্কে ভাষণ প্ৰদান কৰে ৷ শিক্ষয়িত্ৰী জবামনি গোস্বামীয়ে আঁতধৰা সম্বৰ্ধনা সভাত শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ৪০গৰাকী কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক মানপত্ৰ আৰু গছপুলিৰে সম্বৰ্ধনা জনোৱা হয় ৷ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম স্থান লাভ কৰি নগাঁও জিলাৰ লগতে চামগুৰিলৈ গৌৰৱ কঢ়িয়াই অনা নিশান্ত বৰাক শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে ভাৰতীয় জনতা মজদুৰ সংঘৰ তৰফৰ পৰা কিতাপৰ টোপোলা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ বিদ্যালয়খনৰে শিক্ষয়িত্ৰী মাধুৰী বৰাই শলাগৰ শৰাই আগবঢ়োৱা সম্বৰ্ধনা সভাখনিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলৰ বহুকেইজন লোক উপস্থিত থাকে ৷ উল্লেখ্য যে ভাৰতীয় জনতা মজদুৰ সংঘই ৩জুনত চামগুৰি শংকৰদেৱ শিশু নিকেতনৰ পৰা চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছিল বুলি ভাৰতীয় জনতা মজদুৰ সংঘৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক প্ৰণয় প্ৰতীম ভূঞাই সংবাদ মাধ্যমক জনাইছে ৷

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author