নতুন বছৰত কেতিয়া মহাশিৱৰাত্ৰি? শাওন শিৱৰাত্ৰিও বিশেষ ফলদায়ক, পূজাৰ শুভ সময় জানো আহক

নতুন বছৰত কেতিয়া মহাশিৱৰাত্ৰি? শাওন শিৱৰাত্ৰিও বিশেষ ফলদায়ক, পূজাৰ শুভ সময় জানো আহক

নতুন বছৰ ২০২৪ত হোলীৰ আগতে শিৱভক্তৰ সৰ্ববৃহৎ উৎসৱ মহাশিৱৰাত্ৰি আছে। হিন্দু পঞ্চাং অনুসৰি প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনা ভক্তসকলে ব্ৰত পালন কৰি ভগৱান শিৱক পূজা কৰে। ফাগুন মাহৰ উপৰিও প্ৰতি মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মাহিলী শিৱৰাত্ৰি পালন কৰা হয়। মহাশিৱৰাত্ৰিৰ পিছত শাওন শিৱৰাত্ৰিক বিশেষ বুলি গণ্য কৰা হয়। পুৰীৰ কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ জ্যোতিষী ড° গণেশ মিশ্ৰৰ মতে, নতুন বছৰত মহাশিৱৰাত্ৰিৰ দিন, পূজাৰ সময় আৰু ২০২৪ চনত শাওন শিৱৰাত্ৰিৰ দিন জানো আহক।

মহাশিৱৰাত্ৰি ২০২৪

বৈদিক পঞ্জিকা অনুসৰি নতুন বছৰত মহাশিৱৰাত্ৰি ৮ মাৰ্চ শুকুৰবাৰে পৰিছে। নতুন বছৰত ফাগুন কৃষ্ণ চতুৰ্দশী তিথি ৮ মাৰ্চৰ নিশা ৯ বাজি ৫৭ মিনিটৰ পৰা আৰম্ভ হ’ব আৰু ৯ মাৰ্চৰ নিশা ৬ বাজি ১৭ মিনিটক শেষ হ’ব।

মহাশিৱৰাত্ৰি ২০২৪ পূজা মুহূৰ্ত

২০২৪ চনৰ ৮ মাৰ্চত মহাশিৱৰাত্ৰীৰ নিশিতা পূজাৰ শুভ সময় পুৱা ১২ বাজি ৭ মিনিটৰ পৰা ১২ বাজি ৫৬ মিনিটলৈ থাকিব। ইয়াৰ বাহিৰেও সূৰ্য উদয়ৰ পৰা দিনৰ যিকোনো সময়তে মহাশিৱৰাত্ৰিৰ পূজা কৰিব পাৰিব।
শাওন শিৱৰাত্ৰি ২০২৪

শাওন মাহ ভগৱান শিৱৰ প্ৰিয় মাহ বুলি হিন্দু ধৰ্মীয় লোকসকলৰ বিশ্বাস আছে। শাওন শিৱৰাত্ৰী কৃষ্ণ চতুৰ্দশী তাৰিখে পালন কৰা হয়। ইয়াৰ গুৰুত্ব মহাশিৱৰাত্ৰীৰ সৈতে মিল আছে। ২০২৪ত শাওন শিৱৰাত্ৰি ২ আগষ্ট, শুকুৰবাৰে পালন কৰা হ’ব। শাওন কৃষ্ণ চতুৰ্দশী তিথি ২ আগষ্টত দুপৰীয়া ৩ বাজি ২৬ মিনিটত আৰম্ভ হ’ব আৰু ৩ আগষ্টত দুপৰীয়া ৩ বাজি ৫০ মিনটত শেষ হ’ব।

শাওন শিৱৰাত্ৰি ২০২৪ৰ পূজা মুহূৰ্ত

২ আগষ্ট ২০২৪ত শাওন শিৱৰাত্ৰিৰ নিশিতা পূজাৰ শুভ সময় পুৱা ১২ বাজি ৬ মিনিটৰ পৰা ১২ বাজি ৪৯ মিনলৈ থাকিব। এই শুভ সময়ত মন্ত্ৰ জপ কৰা হয়। অৱশ্যে, সূৰ্য উদয়ৰ সময়ৰ পৰাই শাওন শিৱৰাত্ৰীৰ পূজা কৰিব পাৰি।

নতুন বছৰ ২০২৪ মাহিলী শিৱৰাত্ৰিৰ তালিকা

১) পুহ মাহিলী শিৱৰাত্ৰি: ৯ জানুৱাৰী, মঙলবাৰ
২.মাঘ মাহিলী শিৱৰাত্ৰি: ৮ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ
৩.ফাগুন মাহিলী শিৱৰাত্ৰি: ৮ মাৰ্চ, শুকুৰবাৰ
৪. চ’ত মাহিলী শিৱৰাত্ৰি: ৭ এপ্ৰিল, দেওবাৰ
৫. বহাগ মাহিলী শিৱৰাত্ৰি: ৬ মে , সোমবাৰ
৬. জেঠ মাহিলী শিৱৰাত্ৰি: ৪ জুন, মঙলবাৰ
৭.আহাৰ মাহিলী শিৱৰাত্ৰি: ৪ জুলাই, বৃহস্পতিবাৰ
৮. শাওন মাহিলী শিৱৰাত্ৰি: ২ আগষ্ট, শুকুৰবাৰ
৯. ভাদ মাহিলী শিৱৰাত্ৰি: ১ ছেপ্টেম্বৰ, দেওবাৰ
১০. আহিন মাহিলী শিৱৰাত্ৰি: ৩০ ছেপ্টেম্বৰ , সোমবাৰ
১১. কাতি মাহিলী শিৱৰাত্ৰি: ৩০ অক্টোবৰ, বুধবাৰ
১২. মাৰ্গশীৰ্ষ মাহিলী শিৱৰাত্ৰি: ২৯ নৱেম্বৰ, শুকুৰবাৰ
১৩. পুহ মাহিলী শিৱৰাত্ৰি: ২৯ ডিচেম্বৰ, দেওবাৰ

GTM Desk