নলবাৰীৰ কৃতি শিক্ষক মহেশ্বৰ হালৈৰ অভিনন্দন গ্ৰণ্হ উন্মোচন ও ৰাজহুৱা সম্বৰ্ধনা সভা

1 min read

নলবাৰী,১১মেঃঅাজি নলবাৰী জিলাৰ বুঢ়ীনগৰ জনতা হাইস্কুল প্ৰাংগনত শিলগোঁসানী থান শাখা সাহিত্য সভাৰ উদ্যোগত কাশীমপুৰ বাপুজী এম. ই স্কুলৰ প্ৰাক্তন প্ৰধান ও কৃতি শিক্ষক মহেশ্বৰ হালৈ দেৱৰ এখনি অভিনন্দন গ্ৰণ্হ উন্মোচন কৰা হয় । উক্ত গ্ৰণ্হ খন উন্মোচন অসম চৰকাৰৰ বিও,স্বাস্হ্য অাৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মূনালেনী দেৱীয়ে ।উক্ত সভাত সভাপতিত্বত কৰে শিলগোঁসানী শাখা সাহিত্য সভাৰ সভাপতি প্ৰীয়নাথ বৰ্মনে । সভাত নলবাৰী হৰিমন্দিৰ সমিতি সম্পাদক নগেন ডেকা,নলবাৰী সংস্কৃত মহাবিদ্যালয় অধ্যাপক দিনমনি ভাগবতী,গুৱাহাটী কটন কলেজৰ প্ৰৱক্তা শংকৰ হালৈ,নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতা,নাট্যকাৰ ধ্ৰৱজ্যোতি শৰ্ম্মা প্ৰমুক্ষে বিশিষ্ট সকল উপস্হিত থাকে । উল্লেখ্য যে অভিনন্দন গ্ৰণ্হ উন্মোচনী সভাৰ লগত সংগতি ৰাখি কৃতি শিক্ষক মহেশ্বৰ হালৈ দেৱক বৃহওৰ নতুন দেহৰ অঞ্চলৰ কেইৱাটাও অনুষ্ঠানে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাই ।অনুষ্ঠানটো অাঁত ধৰে অনিল দাসে ।

News Desk Report-GTM

You May Also Like

More From Author