নলবাৰীৰ গোবৰাদলৰ আশ্ৰয় শিবিৰত মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ম

নলবাৰীৰ গোবৰাদলৰ  আশ্ৰয় শিবিৰত মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্ম

নলবাৰীৰ || ,১৭ জুলাই: সমগ্ৰ অসমৰ লগতে আজিও অপৰিবৰ্তিত হৈ আছে নলবাৰীৰ বান পৰিস্থিতি । আজি বিধবাৰ. দিনটোত বৰষুন অহা নাই যদিও পানী কমি যোৱা নাই নলবাৰীৰ বানাক্ৰান্ত অঞ্চল সমুহত । ভোকে পিয়াহে বহু আশ্ৰয় শিবিৰত দিন পাৰ কৰিছে বানাক্ৰান্তই । উপায় বিহীন হৈ মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মৰ সম্মুখতে ক্ষোভ উজাৰিলে একাংশ বানাক্ৰান্ত দূৰ্ভোগীযা ৰাইজে ৷ বিশেষকৈ
পাগলাদিয়া , মৰা পাগলাদিয়া , বুঢ়াদিয়া , কানাইখুন্দা , বৰলীয়া , আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীয়ে জিলাখনৰ ১৬০ খন গাওঁৰ ৰাইজক নৰক যন্ত্ৰনা ভোগাই অহাৰ পিছত বানাক্ৰান্ত সকলক এই পৰ্যন্ত পৰ্যপ্ত বান সাহাৰ্য্য প্ৰদানত চৰকাৰ – প্ৰশাসন ব্যৰ্থ হোৱাৰ সময়তে নলবাৰীৰ গোবৰাদলৰ এটি আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ খবৰ লয় মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই । মন্ত্ৰী গৰাকীয়ে আশ্ৰয় শিবিৰটোত উপস্থিত হোৱাৰ লগে লগে বানাক্ৰান্ত একাংশ লোক মন্ত্ৰী গৰাকীৰ সম্মুখত বান সাহাৰ্য্য নোপোৱাৰ অভিযোগ তুলে । ইফালে ১৮ কোটি টকা ব্যয় সাপেক্ষে গোবৰাদলত মথাউৰি মেৰামতি কৰা হৈছিল যদিও বৰ্তমানলৈ মেৰামতিৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবেই ৰাইজে দুৰ্ভোগ ভূগিব লগীয়া হোৱাৰ কথাও মন্ত্ৰী গৰাকীৰ আগত ক্ষোভ উজাৰা পৰিলক্ষিত হয। উলেক্ষণীয়ভাবে আশ্ৰয় শিবিৰটোত থকা পৰিয়াল সমুহক ডেৰ কিলোগ্ৰাম চাউল ২৫০, গ্ৰাম দালী আৰু আৰু এশ গ্ৰামকৈ মিঠাতেল এদিন মাত্ৰ দিয়ে দায় সামৰা কাৰ্যৰ ক্ষোভ উজাৰে বানাক্ৰান্ত সকলে । ইফালে যোৱা তিনিদিন ধৰি গোবৰাদল অসমী প্ৰাথমিক বিদ্যালয় আশ্ৰয় শিবিৰটোত প্ৰশাসনে খাদ্য সামগ্ৰী যোগান নধৰা কাৰ্যৰো ক্ষোভ উজাৰে ৰাইজে । ৰাইজৰ এনে বিলাই বিপত্তি সন্দৰ্ভত স্থানীয় সচেতন নাগৰিক বংকিম বৰুৱাই চৰকাৰ – প্ৰশাসনৰ সোপাধিলা কাম কাজক তীৰ্যক সমালোচনা কৰে । অবশ্যে মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মই তুলুঙা মন্তব্য কৰে ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.