নাজিৰাৰ শ্ৰী কালী মন্দিৰত চোৰৰ চাফাই অভিযান
নাজিৰাৰ ষ্টেচন তিনি আলিৰ শ্ৰী কালী মন্দিৰত যোৱাৰাতি এক চুৰি কাণ্ড সংঘটিত হয় । নিশাৰ ভাগত চুৰে কালী মন্দিৰত প্ৰৱেশ কৰি এটা কলচি আৰু এটা পিতলৰ ঘন্টা সহ কেইবাবিধো সামগ্ৰী চোৰ কৰি লৈ যায়।
অৱশ্যে সমগ্ৰ চুৰি কাণ্ডৰ ঘটনা চি চি টিভিত আবদ্ধ হৈছে ।
ঘটনা সন্দৰ্ভত কালী মন্দিৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে ইতিমধ্যে নাজিৰা আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।
উল্লেখযোগ্য যে আগতে কেইবাবাৰো ষ্টেচনৰ এই শ্ৰী শ্ৰী কালী মন্দিৰত চুৰি সংঘটিত হৈ আহিছে। এনেদৰে ধাৰাবাহিক ভাৱে নাজিৰাত চুৰি কাণ্ড সংঘটিত হোৱাত এতিয়া ৰাইজ বিপাংগত পৰিছে।
এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত নাজিৰা আৰক্ষীয়ে কি তদন্ত অব্যাহত ৰাখে সেয়াহে হব লক্ষ্যনীয় ।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।