পঞ্চম জুনিয়ৰ আৰু ছুপাৰ মিনি ৰোল বল আন্তঃজিলা চেম্পিয়নশ্বিপৰ সফল সামৰণি,গুৱাহাটীক শ্ৰেষ্ঠ দলৰ সন্মান

পঞ্চম জুনিয়ৰ আৰু ছুপাৰ মিনি ৰোল বল আন্তঃজিলা চেম্পিয়নশ্বিপৰ সফল সামৰণি,গুৱাহাটীক শ্ৰেষ্ঠ দলৰ সন্মান

গুৱাহাটী , ৭ এপ্ৰিল ঃ ৪ ৰ পৰা ৬ এপ্ৰিললৈ দিছপুৰৰ ৰুদ্ৰ সিংহ ৰোল বল ফিল্ডত অনুষ্ঠিত হয় পঞ্চম জুনিয়ৰ আৰু ছুপাৰ মিনি ৰোল বল আন্তঃজিলা চেম্পিয়নশ্বিপ । দেওবাৰে বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক প্ৰণৱ শ‌ইকীয়া, গুৱাহাটী ৰোল বল সন্থাৰ সভাপতি দীপক নাথ, অসম ৰোল বল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মন, তেজপুৰ ৰোলবল সন্থাৰ সম্পাদক স্বপ্নালী ফুকন ডিব্ৰুগড় ৰোলবল সন্থাৰ সম্পাদক দ্বিজেশ শ্বৰ্মা, গুৱাহাটী ৰোলবল সন্থাৰ সম্পাদক বি এ কাৰ্গিল । অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে জনোৱা অনুসৰি প্ৰতিযোগিতাৰ ফলাফল এনেধৰণৰ — পঞ্চম ছুপাৰ মিনি ৰোল বল আন্তঃজিলা চেম্পিয়নশ্বিপৰ ছোৱালী শাখাত প্ৰথম তিনিটা স্থান লাভ কৰে ক্ৰমে কামৰূপ, গুৱাহাটী আৰু দক্ষিণ কামৰূপ জিলাই । শ্ৰেষ্ঠ খেলুৱৈ হয় কামৰূপৰ জেচিকা ৰয় আৰু শ্ৰেষ্ঠ গ’লকীপাৰ হয় গুৱাহাটীৰ আৰাধ্যা । ল’ৰাৰ শাখাত প্ৰথম তিনি স্থানত থাকে ক্ৰমে কামৰূপ মেট্ৰ’, ডিব্ৰুগড় আৰু চন্দ্ৰপুৰ জিলা । কামৰূপ মেট্ৰ’ৰ গীতাংশু বৰাই শ্ৰেষ্ঠ খেলুৱৈ, কামৰূপ মেট্ৰ’ৰ দৰ্শ মহন্ত তথা চন্দ্ৰপুৰৰ বৰ্ণিল পাটোৱাৰীয়ে শ্ৰেষ্ঠ গ’লকীপাৰৰ বঁটা লাভ কৰে । পঞ্চম জুনিয়ৰ ১৭ বছৰ অনূৰ্ধ্ব ৰোল বল আন্তঃজিলা চেম্পিয়নশ্বিপৰ ছোৱালী শাখাত প্ৰথম তিনি স্থান অৰ্জন কৰে ক্ৰমে গুৱাহাটী, কামৰূপ আৰু চন্দ্ৰপুৰ জিলাই । গুৱাহাটীৰ কৃষ্টি চহৰীয়া আৰু ছিয়া ছিন্থালীয়াই লাভ কৰে ক্ৰমে শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ গ’লকীপাৰৰ ট্ৰফী । ল’ৰাৰ শাখাত গুৱাহাটী, ডিব্ৰুগড় আৰু কামৰূপ মেট্ৰ’ জিলাই দখল কৰে প্ৰথম তিনিটা স্থান । শ্ৰেষ্ঠ খেলুৱৈ হয় গুৱাহাটীৰ বি পি হিন্দু আৰু
শ্ৰেষ্ঠ গ’লৰক্ষক হয় কামৰূপ মেট্ৰ’ৰ সুমন পাটাৰ ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.

Related