পঞ্চম দিনৰ আৰম্ভণীতে স্বৰ্ণ পদক জয় ভাৰতৰ

পঞ্চম দিনৰ আৰম্ভণীতে স্বৰ্ণ পদক জয় ভাৰতৰ

হাজৌং এছিয়ান গেমছৰ পঞ্চম দিনৰ পুৱাই ভাৰতবাসীৰ বাবে আহিল সুখবৰ। দিনটোৰ আৰম্ভণীতে ভাৰতে লাভ কৰিবলৈ সক্ষম হৈছে দুটাকৈ পদক।

ভাৰতীয় শ্বুটাৰ সৰৱজোৎ সিং, অৰ্জুন সিং চিমা আৰু শিৱ নৰৱালে পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল টিম ইভেণ্টত শীৰ্ষস্থান দখল কৰি ভাৰতৰ বাবে এছিয়ান গেমছ ২০২২ৰ ষষ্ঠটো স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ ঠিক পূৰ্বে ৱুছুৰ তাৰকা খেলুৱৈ ৰোছিবিনা দেৱীয়ে মহিলাৰ ৬০ কেজি ফাইনেলত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

পঞ্চম দিনৰ আৰম্ভণীতে লাভ কৰা এই পদক দুটাৰ সৈতে এতিয়া ভাৰতৰ মুঠ পদকৰ সংখ্যা ২৪ লৈ বৃদ্ধি হয়। ৬টা স্বৰ্ণ পদক, ৮টা ৰূপৰ পদক আৰু ১০ টা ব্ৰঞ্জৰ পদকেৰে ভাৰত হাজৌং এছিয়ান গেমছৰ মেডেল তালিকাৰ পঞ্চম স্থানত আছে।

GTM Desk

Related