পত্নীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোঃ কিয় শ্বেয়াৰ কৰিলে গৌৰৱ গগৈয়ে?

পত্নীসহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোঃ কিয় শ্বেয়াৰ কৰিলে গৌৰৱ গগৈয়ে?

হঠাৎ সাংসদ গৌৰৱ গগৈয়ে নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকী ভূঞা শৰ্মাৰ এখন ধুনীয়া আলোক চিত্ৰ। অৱশ্যে এই আলোকচিত্ৰখনৰ দুয়োৰে মাজত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ ফটো শ্বেয়াৰ কৰি গৌৰৱ গগৈয়ে লিখিছে- আদৰণীয় প্ৰধান মন্ত্ৰী মোডী ডাঙৰীয়া, আপোনাৰ চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ দ্বাৰা পৰিচালিত ব্যক্তিগত কোম্পানী এটাক ১০ কোটি টকাৰ ৰাজসাহায্য দিছে। এইয়া ৰেবড়ী নে ৰাবৰি ? এই কাৰণেই নেকি মানুহে কৰ দি আছে ?

Shahnawaz Hamza

Related