পশ্চিম বংগত ‘দ্য কেৰালা ষ্টৰী’ নিষিদ্ধ, ঘোষণা কৰিলে মমতা বেনাৰ্জীয়ে

পশ্চিম বংগত ‘দ্য কেৰালা ষ্টৰী’ নিষিদ্ধ, ঘোষণা কৰিলে মমতা বেনাৰ্জীয়ে

পশ্চিম বংগত নিষিদ্ধ কৰা হৈছে ‘দ্য কেৰালা ষ্ট’ৰী’ চিনেমাখন। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰিলে এই ঘোষণা। মমতাই কয় যে ৰাজ্য চৰকাৰে কোনোপধ্যেই ঘৃণা সহ্য নকৰে। মূল উদ্দেশ্য হৈছে শান্তি বজাই ৰখা, সেইবাবেই ৰাজ্যত ‘দ্য কেৰালা ষ্ট’ৰী’ নিষিদ্ধ কৰা হৈছে। ইয়াৰ পূৰ্বে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কেৰালা ষ্ট’ৰী চিনেমাখনক লৈ বিতংভাৱে ক্ষোভ প্ৰকাশ কৰে।

সংবাদমেল অনুষ্ঠিত কৰি মমতাই কয় যে এক বিকৃত ইতিহাস প্ৰচাৰ কৰা হৈছে। এয়া ‘বিকৃত’ ঘটনা। তেওঁ কয়, কাশ্মীৰ ফাইলছৰ পিছত আন এখন চিনেমা নিৰ্মাণ কৰা হৈছে, য’ত ইতিহাস বিকৃত কৰা হৈছে। ইয়াৰ পিছত হয়তো কিছুমানে বেংগল ফাইলছো নিৰ্মাণ কৰিব। সংবাদমেলৰ লগতে চিপিএম আৰু বিজেপিৰ গোপন বুজাবুজিৰ অভিযোগো উত্থাপন কৰে। তেওঁ কয়, তেওঁলোকে একেলগে কাম কৰি আছে।

মূলতঃ এই ছবিখন কেৰালাৰ ধৰ্মান্তৰকৰণ আৰু উগ্ৰপন্থী সংযোগৰ প্ৰসংগক লৈ নিৰ্মাণ কৰা হৈছে। সমগ্ৰ দেশতে মুক্তি পোৱা ছবিখনে বিতৰ্কৰ সৃষ্টি কৰিছে। সমগ্ৰ দেশৰ দৰে কলকাতাতো ৫ মে’ত কলকাতাত মুক্তি লাভ কৰিছিল। কিন্তু মাত্ৰ তিনিদিন পিছত অৰ্থাৎ ৮ মে’ত মুখ্যমন্ত্ৰীয়ে এই ছবিখন নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে।

Shahnawaz Hamza

Related