পাঁচ সমষ্টিত বিজেপিৰে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা অগপৰ, ফণীভূষণ চৌধুৰীৰ ভাষ্য– প্রফুল্ল মহন্তৰ টিকট কাটিছে বিজেপিয়ে

পাঁচ সমষ্টিত বিজেপিৰে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা অগপৰ, ফণীভূষণ চৌধুৰীৰ ভাষ্য– প্রফুল্ল মহন্তৰ টিকট কাটিছে বিজেপিয়ে

সমাগত বিধানসভা নির্বাচনত অগপই অকলে ২৬টা সমষ্টিত আৰু বিজেপিৰ সৈতে বন্ধুত্বপূর্ণভাৱে ৫টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ মিত্রতাকেন্দ্রিক বাদ–বিসম্বাদে চৰম ৰূপ লোৱাৰ পিছত আজি বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে অগপৰ সভাপতি অতুল বৰাই৷ দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱাৰ পিছত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে অসম গণ পৰিষদ যিহেতু মিত্রজোঁটত আছে, গতিকে বিজয়ৰ সম্ভাৱনা থকা সমষ্টিসমূহত এৰাধৰাৰ মাজেৰে প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লোৱা হৈছে৷

সেই অনুসৰি ২৬টা সমষ্টিত অগপই অকলে আৰু ৫টা সমষ্টিত বিজেপিৰ সৈতে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা হ’বলগীয়া সমষ্টিকেইটা হ’ল– কমলপুৰ, পলাশবাৰী, নাহৰকটীয়া, লখিমপুৰ আৰু পাথাৰকান্দি৷ অৱশ্যে অগপৰ সভাপতিগৰাকীয়ে বঢ়মপুৰ সমষ্টি সন্দর্ভত কোনো মন্তব্য নিদিলে৷

ফণীভূষণ চৌধুৰীৰ ভাষ্য– প্রফুল্ল মহন্তৰ টিকট কাটিছে বিজেপিয়ে

ইফালে, দলটোৰ আন এগৰাকী শীর্ষনেতা ফণীভূষণ চৌধুৰীয়ে সাংবাদিকৰ আগত কয় যে প্রফুল্ল কুমাৰ মহন্তক বঢ়মপুৰত প্রার্থিত্ব প্রদান কৰিবলৈ অগপৰ ফালৰ পৰা চেষ্টা কৰা হৈছিল যদিও বিজেপিয়ে মানি নল’লে৷

অগপৰ দখলত থকা আন তিনিটা সমষ্টি লখিমপুৰ, কমলপুৰ আৰু নাহৰকটীয়াতো এইবাৰ বিজেপিয়ে নিজাববীয়া প্রার্থী প্রক্ষেপ কৰিছে৷ ইয়াকে লৈ অগপৰ ভিতৰচ’ৰাত বিদ্রোহৰ জুই জ্বলিছে৷ এই বিদ্রোহ শাম কটাবৰ বাবেই সমষ্টি তিনিটাত অগপই বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত ল’বলগীয়া হয়৷ আন এটা বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা হ’বলগীয়া সমষ্টি পলাশবাৰীত অগপৰ হৈ ডাঃ কমলা কলিতাক প্রার্থিত্ব দিয়াটো একপ্রকাৰ নিশ্চিত হৈছে৷

তেওঁ পূর্বে প্রতিদ্বন্দ্বিতা কৰি অহা ছয়গাঁও সমষ্টিটো এইবাৰ এৰিব বিচাৰিছে৷ যাৰ বাবে আগৰে পৰা নিকটৱর্তী পলাশবাৰী সমষ্টিত কুচকাৱাজ চলাই আহিছিল৷ কিন্তু শেহতীয়াকৈ বিজেপিয়ে পলাশবাৰীত নিজাববীয়া প্রার্থী প্রক্ষেপৰ সিদ্ধান্ত লয়৷ ইয়াৰ পিছতে অসম গণ পৰিষদেও পলাশবাৰীত প্রতিদ্বন্দ্বিতাৰ বিষয়টো বিবেচনালৈ আনে৷

এতিয়ালৈ আনুষ্ঠানিকভাৱে ঘোষণা নহ’লেও অগপই ১৭টা সমষ্টিৰ বাবে প্রার্থী তালিকা চূড়ান্ত কৰা বুলি জানিব পৰা গৈছে৷ সেই অনুসৰি চাবুৱাত পোনাকণ বৰুৱা, আমগুৰিত প্রদীপ হাজৰিকা, বোকাখাতত অতুল বৰা, ৰহাত বিষ্ণুপ্রসাদ দাস, দেৰগাঁৱত ভবেন ভৰালী, পশ্চিম গুৱাহাটীত ৰমেন্দ্র নাৰায়ণ কলিতা, পলাশবাৰীত ডাঃ কমলা কলিতা, বকোত ড০ তপন দাস, পশ্চিম মানকাচৰত জাভেদ ইছলাম, উত্তৰ অভয়াপুৰীত ভূপেন ৰয়, বৰপেটাত গুণীন দাস,

ভৱানীপুৰত ৰঞ্জিত ডেকা, তেজপুৰত পৃথ্বিৰাজ ৰাভা, নাওবৈচাত জয়ন্ত খাউণ্ড, সৰুক্ষেত্রীত কল্পনা পাটোৱাৰী আৰু টীয়কত বিকাশ শইকীয়াই অগপৰ প্রার্থিত্ব লাভ কৰাটো একপ্রকাৰ নিশ্চিত৷ ইফালে, তিনি অগপ বিধায়ক সত্যব্রত কলিতা, উৎপল দত্ত আৰু নৰেন সোণোৱালৰ পথ এইবাৰ মসৃণ হৈ থকা নাই৷ তেওঁলোকে কমলপুৰ, লখিমপুৰ আৰু নাহৰকটীয়াত বিজেপিৰ সৈতে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা আগবঢ়াব লাগিব৷

এনে পৰিস্থিতিত সত্যব্রত কলিতাই কংগ্রেছৰ লগত সঘন যোগাযোগত থকাৰ খবৰো ওলাইছে৷ গতিকে কমলপুৰত তেওঁ কংগ্রেছ প্রার্থী হ’লেও আচৰিত হ’বলগীয়া একো নাথাকিব৷ বিগত বিধানসভাত ১৪গৰাকী বিধায়ক থকা অসম গণ পৰিষদে এইবাৰ কেনে প্রদর্শন আগবঢ়ায়, তাৰ ওপৰতে দলটোৰ ভৱিষ্যৎ বহু পৰিমাণে নির্ভৰ কৰিব৷

Source- Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.