পাটনা ৰেলৱে ষ্টেচনৰ টিভিৰ পৰ্দাত হঠাৎ বাজি উঠিল পৰ্ণ ভিডিঅ’; চাকৰিৰ পৰা নিলম্বন ঠিকাদাৰ

পাটনা ৰেলৱে ষ্টেচনৰ টিভিৰ পৰ্দাত হঠাৎ বাজি উঠিল পৰ্ণ ভিডিঅ’; চাকৰিৰ পৰা নিলম্বন ঠিকাদাৰ

দেওবাৰে পাটনা জংচন ৰেলৱে ষ্টেচনত স্থাপন কৰা টিভিৰ পৰ্দাত এটা পৰ্ণ ভিডিঅ’ ক্লিপ প্ৰদৰ্শিত হয়। তাৰপাছতে স্তম্ভিত হৈ পৰে তাত উপস্থিত থকা যাত্ৰীসকল। এই কথা নিশ্চিত কৰি সোমবাৰে ৰে’লৱেৰ এজন বিষয়াই কয় যে চুক্তি দিয়া ব্যক্তিগত অপাৰেটৰজনক “ব্লেকলিষ্ট” কৰা হৈছে আৰু আৰ পি এফ আৰু জি আৰ পিয়ে পৃথকে পৃথকে দাখিল কৰা গোচৰৰ পাছতে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

ইষ্ট চেণ্ট্ৰেল ৰেলৱে জ’নৰ মুখ্য জনসংযোগ বিষয়া বীৰেন্দ্ৰ কুমাৰে কয় যে, “এই বিষয়টোৰ খবৰ পোৱাৰ পাছতে সমগ্ৰ বিষয়টো গুৰুতৰভাৱে লক্ষ্য কৰা হৈছিল। সংশ্লিষ্ট অপাৰেটৰক প্ৰদান কৰা নিবিদা তৎক্ষণাত বন্ধ কৰা হৈছে আৰু ভৱিষ্যতে যিকোনো চুক্তিৰ বাবে তেওঁক ব্লেকলিষ্ট কৰা হৈছে।” .

ইপিনে এই ঘটনাৰ পাছতে অপাৰেটৰে স্থাপন কৰা সকলো টিভি স্ক্ৰীণৰ সংযোগ বিচ্ছিন্ন কৰা হৈছে। এই লজ্জাজনক কাণ্ডৰ সৈতে জড়িতসকলৰ ওপৰত আৰ পি এফ আৰু জি আৰ পিয়ে পৃথক পৃথক এফ আই আৰ পঞ্জীয়ন কৰিছে। ইয়াৰ তদন্ত চলি আছে।

GTM Desk

Related