পিঁয়াজ কাটিলে চকুপানী ওলাই নেকি? এই সমস্যা দূৰ কৰাৰ উপায় জানো আহক

পিঁয়াজ কাটিলে চকুপানী ওলাই নেকি? এই সমস্যা দূৰ কৰাৰ উপায় জানো আহক

আলু আৰু পিঁয়াজ এই দুবিধ হ’ল মানুহৰ খাদ্যৰ তালিকাত এৰাব নোৱৰা সামগ্ৰী৷ পিঁয়াজৰ যিমান মূল্যবৃদ্ধি হলেও আমাৰ পাকঘৰত কিন্তু পিঁয়াজ নোহোৱাকৈ এদিনো নাথাকে৷ আজিৰ  এই প্ৰতিবেদনত লৈ আহিছো পিঁয়াজৰ বিষয়ে কিছু নজনা কথা।

 
পিঁয়াজ কেনেকৈ ব্যৱহাৰ হয় ?
সাধাৰণতে মানুহে যি কোনো আঞ্জা বা ভাজি বনাবলৈ লওঁতে প্ৰথমে পিঁয়াজ ভাজি লয়৷ মাছ-মাংস ৰান্ধোতে আলুৰ সৈতে পিঁয়াজ বেচিকৈ দিলেহে খাবলৈ ভাল লগা হয় আঞ্জাখন। চালাড আৰু চাটনিত পিঁয়াজৰ ব্যৱহাৰ অপৰিসাৰ্য্য ৷ ইয়াৰ ওপৰিও পিঁয়াজৰ পকৰী, পিজ্জা, পৰঠা আদি বনোৱা হয়।
চকুপানী নোলোৱাকৈ পিঁয়াজ কেনেকৈ কাটিব জানো আহক? 
যদি পিঁয়াজকেইটা আগদিনা ৰাতি ফ্ৰিজত থৈ দিওঁ তেনেহ’লে পিছদিনা কাটিলে চকুত নধৰে৷
বাকলি গুছোৱাৰ সময়ত শিপাৰ অংশটো কিছু অংশৰ সৈতে ত্ৰিভূজ আকাৰকৈ কাটি পেলাই দিব দিলেও চকুত নধৰে
কেইটামান পিঁয়াজৰ উপকাৰিতাৰ বিষয়ে জানো আহক –
পিঁয়াজত থকা ইনুলিন নামৰ ফাইবাৰে শৌচ কচা, পেটৰ বিষ আৰু এচিডিটি আতৰায়
পিঁয়াজ খুন্দি অলিভ অইলৰ লগত মিহলাই ঘঁহিলে আচিনাই ভাল হয়
মৌ-মাখি,বৰল আদিয়ে বিন্ধিলে পিচা পিঁয়াজৰ লেপ লগালে ভাল হয়
নাকৰ পৰা তেজ ওলোৱা বন্ধ কৰিবলৈ উতলা পানীত পিঁয়াজ মিহলাই ভাপ ল’ব লাগে

GTM Desk

Related