পিতৃৰ শেষ ইচ্ছা পূৰণ কৰি চিতাৰ কাষত অৰুণ দাসৰ গীত এটা কান্দি কান্দি গাই গ’ল পুত্ৰই

1 min read

নিজৰ পিতৃ–মাতৃ প্ৰতিগৰাকী সন্তানৰ বাবে সকলোতকৈ মৰমৰ, সকলোতকৈ আদৰৰ। মাক–দেউতাকৰ সৈতে সন্তানৰ সম্পৰ্ক তুলনাবিহীন। পিতৃ-মাতৃৰ অবিহনে কোনো ব্যক্তিয়ে নিজৰ জীৱন কল্পনাও কৰিব নোৱাৰে। কিন্তু নিয়তিৰ নিয়ম কোনেও সলাব নোৱাৰে। মৃত্যু এক চিৰন্তন সত্য আৰু ইয়াৰ পৰা কোনোৱে সাৰিব নোৱাৰে। এদিন এই পৃথিৱী এৰি সকলোৱে যাব লাগিব। এজন লোকৰ বাবে পিতৃ–মাতৃৰ বিয়োগ আটাইতকৈ দুখৰ আৰু অসহনীয়। প্ৰতিগৰাকী সন্তানেই নিজৰ পিতৃ-মাতৃৰ ইচ্ছা পূৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা চলায়। সেইয়াই লাগে তেওঁলোকৰ জীৱিত অৱস্থাতেই হওক নাইবা মৃত্যুৰ পাছতেই হওক। এজন যুৱকৰ এনে এক ঘটনাই এতিয়া সকলোৰে হৃদয় চুই গৈছে।

 

মেষ বৰবৰা নামৰ যুৱকজনৰ দেউতাকৰ মৃত্যুৰ ঘটনা বৰ্তমান সামাজিক মাধ্যমত এক চৰ্চাৰ বিষয় হৈ পৰিছে। ইয়াৰ কাৰণ হৈছে যে, পিতৃৰ চিতাৰ কাষত বহি তেওঁ গীতাৰ বজাই গীত গাইছে। কিন্তু এয়া দুখৰহে প্ৰতিফলন। পিতৃৰ শেষ ইচ্ছা পূৰণৰ স্বাৰ্থতহে তেওঁ দেউতাকৰ প্ৰিয় গীত পৰিৱেশন কৰিলে। দেউতাকে জীয়াই থাকোতে তেওঁৰ প্ৰিয় গায়ক অৰুণ দাসৰ ‘‘তুমি জানো জানা সোন’’ গীতটো নিজৰ চিতাৰ কাষত পুত্ৰক গাবলৈ কৈছিল। এনে কৰিলে দেউতাকে দুটা মুহূৰ্তৰ বাবেও বেছি সময় জীয়াব বুলি কৈ গৈছিল। দেউতাকৰ সেই আশাই পূৰণ কৰিবলৈ পুত্ৰই চিতাৰ কাষতে গালে অৰুণ দাসৰ ‘‘তুমি জানো জানা সোন’’ গীতটো।

সামাজিক মাধ্যমত এক পোষ্টত তেওঁ এটা ভিডিঅ’ৰ সৈতে এটা টোকা লিখি শ্বেয়াৰ কৰে। তেওঁ উল্লেখ কৰে যে, ‘‘নোৱাৰিলোঁ ইমান চেষ্টা কৰাৰ পিছতো তোমাক জীয়াই ৰাখিব। পিতা you were more than পিতা। মোৰ পাখি আছিল দুখন। আজি এখন ভাঙি গল। পিতাৰ শেষ ইচ্ছা আছিল যিটো মোক সদাই কৈছিল,, পিতাই মই যদি কেতিয়াবা মৰি যাও তই মোৰ চিতাৰ কাষত অৰুণ দাসৰ তুমি জানো জানা সোন গানটো এবাৰ গাবি। মই দুটা মূহুৰ্তৰ কাৰণে হলেও বেছিকৈ জীয়াই থাকিম।  আৰু গাই দিলো পিতা। তুমি সদাই কোৱা যে সেই “কাজ”টো হোৱা নাই “সাচিছিলো” শব্দটোত,,, আজিও থিক কে গাব নোৱাৰিলোঁ। কিন্তু এদিন গাম।। perfect কে। পিতা কথা দিলো পীতাই এ এদিন তোমাৰ নাম বহুত বেছি উজ্জ্বলাব।’’ শেষত তেওঁ লিখে, ‘‘মই ভাগৰা নাই,,জীৱন হেৰুওৱা নাই।’’

You May Also Like

More From Author