পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, কিমান টকাকৈ বাঢ়িল প্ৰতিটো চিলিণ্ডাৰত?

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, কিমান টকাকৈ বাঢ়িল প্ৰতিটো চিলিণ্ডাৰত?

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম (LPG Cylinder Price hike)। ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে বৃদ্ধি কৰিলে চিলিণ্ডাৰৰ দাম। প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পালে ২১ টকাকৈ। ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হৈছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামৰ কোনো সালসলনি কৰা হোৱা নাই।

এই দাম বৃদ্ধিৰ ফলত ১৯ কিলোগ্ৰামৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম দিল্লীত ১৭৯৬.৫ টকা হৈছে। পূৰ্বে ইয়াৰ দাম আছিল ১৭৪৯ টকা। চেন্নাইত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ’লগৈ ১৯৬৮.৬ টকা আৰু কলকাতাত ইয়াৰ দাম হৈছে ১৯০৮ টকা।

গুৱাহাটীত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম হৈছেগৈ ২০০০.৫০ টকা (LPG cylinder price in Guwahati)। উল্লেখযোগ্য যে ১৬ নৱেম্বৰত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৫৭ টকা হ্ৰাস কৰা হৈছিল।

GTM Desk