পুৱাৰে পৰা আৰম্ভ মধ্য প্ৰদেশ আৰু চত্তীশগড়ৰ বিধানসভা নিৰ্বাচন

পুৱাৰে পৰা আৰম্ভ মধ্য প্ৰদেশ আৰু চত্তীশগড়ৰ বিধানসভা নিৰ্বাচন
Voting during 8th phase of Parliamentary election...epa04194527 Indian women show their voting slips as they wait to cast their votes at a polling station during the 8th phase of Parliamentary election at Palampur, Himachal Pradesh, India, 07 May 2014. Parliamentary elections in India are being held in nine phases between 07 April and 12 May 2014. A total of 814.6 million people are eligible to vote, around 100 million more than in the elections in 2009. EPA/SANJAY BAID

শুকুৰবাৰে পুৱাৰ পৰা দেশৰ দুই ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচন। ইতিমধ্যে পুৱা ৭ বজাৰ পৰা মধ্য প্ৰদেশত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ বিপৰীতে পুৱা ৮ বজাৰ পৰা চত্তীশগড়ত আৰম্ভ হ’ব ভোটগ্ৰহণ।

মধ্য প্ৰদেশৰ ২৩০ খন আৰু চত্তীশগড়ৰ ৭০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। চত্তীশগড়ৰ এয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৭ নৱেম্বৰত ২০ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল।

মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনত মুঠ ২৫৩৩ জন প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ’ব। আনহাতে ছত্তীশগড়ত মুঠ ৯৫৮ জন প্ৰাৰ্থীয়ে ভাগ্য পৰীক্ষাৰ এই যুঁঁজত অৱতীৰ্ণ হ’ব।

চত্তীশগড়ত ২২ খন জিলাত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন সন্ধিয়া ৫ বজালৈ চলিব। উল্লেখ্য যে, ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা দেখা গৈছিল।

ছত্তীশগড়ৰ ৭০ খন আসনৰ ভিতৰত ৯ খন এছচি আৰু ১৭ খন এছটিৰ বাবে সংৰক্ষিত। ৭০ খন আসনত মুঠ ১.৬৩ কোটি ভোটাৰ আছে, যাৰ ভিতৰত ৮১.৪২ লাখ পুৰুষ ভোটাৰ আৰু ৮১.৭২ লাখ মহিলা ভোটাৰ। আনহাতে তৃতীয় লিংগৰ ৬৮৪ জন ভোটাৰ আছে।

এই দুয়োখন ৰাজ্যতে বিজেপি আৰু কংগ্ৰেছৰ মাজত যুঁজ হোৱাৰ সম্ভাৱণা আছে। দুয়োটা দলেই জয়ী হব বুলি দাবী কৰিছে। এই নিৰ্বাচনৰ ফলাফল ৩ ডিচেম্বৰত ঘোষণা হ’ব।

GTM Desk