Advertisement

প্ৰতিক হাজেলা আৰু শৈলেশক উচ্চতম ন্যায়ালয়ে সঁকিয়াই দিলে – “ভৱিষ্যতে সাৱধান হব”

প্ৰতিক হাজেলা আৰু শৈলেশক উচ্চতম ন্যায়ালয়ে সঁকিয়াই দিলে – “ভৱিষ্যতে সাৱধান হব”

উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত অসমত চলি থকা এন আৰ চি উন্নতীকৰণ প্ৰক্ৰিয়াৰ ভিতৰুৱা কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি থকা বাবে আজি শীৰ্ষ আদালত খনে দেশৰ মহাপঞ্জীয়ক আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক এক প্ৰকাৰৰ ধমক দিয়ে।উল্লেখযোগ্য যে আজি উচ্চতম ন্যায়ালয়ত এন আৰ চিৰ গোচৰৰ শুনানি আছিল। এই শুনানিৰ ভিতৰুৱা কথা সংবাদ মাধ্যমক জনোৱা বাবে ন্যায়ধীশ ৰঞ্জন গগৈ আৰু নৰিমানেৰে গঠিত বিচাৰপিঠে এই দুয়োকনকে ককৰ্থনা কৰে।কিছু দিন পূৰ্বে হাজেলাই সংবাদ মাধ্যমত কৈছিল যে দাবি আৰু আপত্তি গ্ৰহণৰ প্ৰক্ৰিয়াটোত খচৰাৰ পৰা বাদ পৰা সকলৰ নাগৰিকত্বৰ প্ৰমান হিচাবে যিকোনো বৈধ গ্ৰহণযোগ্য হব ।এনেকৈ দিয়া সাক্ষাৎকাৰ এটাৰ কাৰনে আদালতে “ভৱিষ্যতে সাবধান হব “বুলি সকিয়াই দিয়ে হাজেলা আৰু শৈলেশক।