প্ৰতিবন্ধীৰ চতুৰ্থ বৰ্গৰ নিযুক্তিক বুমেৰাং কৰাৰ চেষ্টা মূখ্যমন্ত্ৰী সনোৱালৰ ,২৮ ডিচেম্বৰত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ

0 min read

গুৱাহাটী, ২২ ডিচেম্বৰ : মূখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল তথা বিজেপি চৰকাৰৰ প্ৰতিবন্ধীৰ প্ৰতি যে দায়বদ্ধতা নাই সেয়া প্ৰমাণ কৰি দেখুৱালে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে । আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় যে বিগত ২০১৮ বৰ্ষৰ ৩১ ডিচেম্বৰতে প্ৰতিবন্ধী লোকৰ বাবে চৰকাৰৰ বিভিন্ন বিভাগত চতুৰ্থ বৰ্গৰ ৫১১ টা পদত নিযুক্তি দিয়া হব বুলি বিজ্ঞাপন প্ৰকাশ কৰিছিল। কিন্তু আজি দুবছত ভৰি দিব লোৱা সময়তো একমাত্ৰ চৰকাৰ তথা মূখ্যমন্ত্ৰী গৰাকীৰ চূড়ান্ত হেমাহিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন নকৰিলে । আমি সংস্থাৰ ফালৰ পৰা বাৰম্বাৰ অনুৰোধ কৰি অহাৰ পিছতো বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰি নিযুক্তি প্ৰক্ৰিয়াটোক বুমেৰাং কৰাৰহে অভিসন্ধি কৰা বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য যে ২০১৭ চনৰ ১১ অক্টোবৰত চৰকাৰ আৰু সংগঠৰে হোৱা আলোচনা অনুসৰি বিভিন্ন বিভাগৰ বেকলগ পদসমূহ একলগ কৰি এটা সংস্থা অথবা এটা বিভাগৰ দ্বাৰা পৰিক্ষা অনুষ্ঠিত কৰি পদসমূহ পূৰনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেই অনুসৰি বিজ্ঞাপন প্ৰকাশ হোৱাৰ পিছতেই মুঠ ৮৬৩ টা পদত নিযুক্তি পৰিক্ষা সম্পন্ন কৰাৰ বাবে অসম আৰক্ষী নিযুক্তি বোৰ্ডক দায়িত্ব দিছিল । ইতিমধ্যে বোৰ্ডে বিভিন্ন খেলিমেলিৰ জৰিয়তে তৃতীয় বৰ্গৰ ৩৫২ টা পদত ২০১৯ বৰ্ষতে নিযুক্তি দিছিল যদিও চতুৰ্থ বৰ্গৰ ৫১১ টা পদত আজিও নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন নকৰাটো ৰহস্যৰ বিষয় বুলি উল্লেখ কৰে । এই ৫১১ টা পদ পূৰণৰ বাবে দুবাৰকৈ পৰিক্ষা অনুষ্ঠিত কৰিছিল যদিও শেহতীয়াকৈ ৰাজ্য কপোৱা এছ আই কেলেংকাৰীৰ পিছত প্ৰক্ৰিয়াটো স্থগিত ৰাখি। পদসমূহ পূৰনৰ বাবে আমি সংগঠনে জনাই অহা দাবীৰ পৰিপ্ৰেক্ষিতত যোৱা ২৩ নৱেম্বৰত প্ৰতিবন্ধী সুৰক্ষা সংস্থাঅসমৰ লগতে কেইবাটাও প্ৰতিবন্ধী সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত চৰকাৰৰ সৈতে হোৱা আলোচনাত সমাজ কল্যাণ বিভাগৰ দ্বাৰা নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । লক্ষণীয়ভাৱে এমাহ অতিক্ৰম কৰাৰ পিছতো এই বিষয়ে সদুত্তৰ পোৱা নগল। কিন্তু পৰিতাপৰ বিষয় বিভাগৰ এক শীৰ্ষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি মূখ্যমন্ত্ৰীয়ে সমগ্ৰ প্ৰক্ৰিয়াতো বুমেৰাং কৰাৰহে চেষ্টাত ব্ৰতী হৈছে । যাৰ বাবে আজি ৰাজ্যৰ নিবনুৱা প্ৰতিবন্ধী যুৱক যুৱতীৰ জীৱন আৰু জীবিকা ভবিষ্যতৰ অন্ধকাৰ দিশলৈ গতি কৰিছে । সেয়েহে আজিৰ সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰক সকিয়াই দি কয় যদি ২৮ ডিচেম্বৰৰ পূৰ্বে সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিক্ষা অনুষ্ঠিত কৰাৰ লগতে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা সকলক কথা স্পষ্ট নকৰে তেন্তে ২৮ ডিচেম্বৰৰ দিনাই ভয়াবহ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি হুংকাৰ দিয়ে । সমগ্ৰ বিষয়টোৰ বাবে মূখ্যমন্ত্ৰী আৰু ৰাজ্য চৰকাৰ নিজে দায়ী হব বুলি সংবাদ মেলত মালাকাৰে সদৰি কৰিছে । আজিৰ সংবাদমেলত সংস্থাৰ উপ সভাপতি আতিকুৰ ৰহমান, দৃষ্টিহীন পৰিষদ অসমৰ সম্পাদক প্ৰণৱ বেজবৰুৱা , ঋতুৰাজ দাসৰ লগতে কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল ।

You May Also Like

More From Author