প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামায়ণৰ প্ৰসংগ টানি ৰাহুল গান্ধীক কটাক্ষ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামায়ণৰ প্ৰসংগ টানি ৰাহুল গান্ধীক কটাক্ষ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ভাষণত ৰাহুল গান্ধীৰ একাধিক আক্ৰমণৰ প্ৰতি সঁহাৰিৰ বিষয়ে স্পষ্ট কৰি দিয়ে অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত। প্ৰধানমন্ত্ৰীয়ে ৰাহুল গান্ধীক কটাক্ষ কৰি ৰামায়ণৰ বিষয়টো উত্থাপন কৰিছিল।

মোদীয়ে কয়, “হনুমানে লংকা দহন কৰা নাছিল, অহংকাৰে লংকা দহন কৰিছিল। আপুনিও অহংকাৰৰ বাবে ৪০০ৰ পৰা ৪০লৈ নামি আহিল। পূৰ্বতে আপুনি প্ৰধানমন্ত্ৰীৰ আসনখনক পৰিয়ালৰ সম্পত্তি বুলি গণ্য কৰিছিল। কিন্তু তাত এজন গৰীৱৰ সন্তান আহি বহাৰ বাবে সেই চিন্তাই আপোনাক খুলি খুলি খাইছে, ৰাতি শুব নোৱাৰে, ২০২৪ চনৰ পিছতো শুব নোৱাৰিব।”

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে এই ৰামায়ণৰ বিষয়টো উত্থাপন কৰি মোদীক আক্ৰমণ কৰিছিল। নৰেন্দ্ৰ মোদীয়ে প্ৰত্যুত্তৰত আজি কয়, “হনুমানে লংকাত জুই দিয়া নাছিল, ৰাৱনৰ অহংকাৰত জুই লগাই দিছিল। ৰামে ৰাৱণক হত্যা কৰা নাছিল, ৰাৱণৰ অহংকাৰক হত্যা কৰিছিল।” কেৱল সেয়াই নহয়, মণিপুৰৰ কথা কওঁতে ৰাহুল গান্ধীয়েও ভাৰত মাতাৰ কথা উত্থাপন কৰিছিল। তেওঁ কয় যে মণিপুৰত ভাৰত মাতাক বিজেপিয়ে হত্যা কৰিছে।

GTM Desk

Related