প্ৰভূ শ্ৰী ৰাম আৰু বীৰ হনুমানৰ মিলন

প্ৰভূ শ্ৰী ৰাম আৰু বীৰ হনুমানৰ মিলন

বীৰ হনুমান এবাৰ ঋষ্যমুক্ত পৰ্ৱতৰ একেবাৰে শিখৰত বহি আছিল।সেই সময়তে ভগৱান শ্ৰী ৰাম আৰু লক্ষ্মণে দেৱী সীতাক বিচাৰি ঋষ্যমুক্ত পৰ্ৱত পালেহি। ( Religious Studies )

সেই পৰ্ৱতৰ শিখৰৰ পৰা বানৰৰ ৰজা সুগ্ৰীৱে তেওঁলোকক দেখা পালে।সুগ্ৰীৱে ভাৱিলে-এয়া বালীয়ে পথোৱা দুজন যুদ্ধা হয়!যি মোক বধ কৰিবলৈ-হাতত ধনু-কাঁড় লৈ আগবাঢ়ি আহিছে।

দূৰৰ পৰা দেখাত এই দুয়োজন বহুত বলৱান যেন লাগিছে!ভয়তে-সুগ্ৰীৱে বীৰ হনুমানক কলে-হনুমান সেয়া চোৱা,দুজন বহুত বলৱান মনুষ্যই হাতত ধনু-কাঁড় লৈ-আমাৰফালেই আগুৱাই আহিছে।এনে লাগিছে-এওঁলোকক বালীয়ে পথিয়াইছে,মোক বধ কৰিবলৈ!এওঁলোকে চাৰিওফালে মোকে বিচাৰি ফুৰিছে!

তুমি তৎক্ষণাত তপস্যী ব্ৰাহ্মণৰ ৰূপ লোৱা আৰু এই দুয়ো যুদ্ধাৰ ওচৰলৈ যোৱা আৰু এয়া খবৰ লগোৱা যে-এওঁলোক কোন হয় আৰু ইয়াত কিয় ঘূৰি ফুৰিছে!যদি কিবা ভয়ৰ কথা হয়,মোক তাৰেপৰা সংকেট দিবা।তেতিয়া তৎক্ষণাত এই পৰ্ৱত এৰি ইয়াৰে পৰা পলাই যাম।

সুগ্ৰীৱক অত্যন্ত ভয়ত দেখা পায়-বীৰ হনুমানে-তৎক্ষণাত তপস্যী ব্ৰাহ্মণৰ ৰূপ লৈ-ভগৱান শ্ৰী ৰাম আৰু লক্ষ্মণৰ কাষ পালেগৈ।বীৰ হনুমানে-দুয়ো ককায়েক-ভায়েকক প্ৰণাম কৰি কলে-প্ৰভূ,আপোনালোক কোন হয়!কৰপৰা আহিছে!এই পৃথিৱী বহুত কঠোৰ হয়।আপোনালোকৰ চৰণ বহুত কোমল হয়।কি কাৰণত আপোনালোকে এই ঠাইত ঘূৰি ফুৰিছে!আপোনালোকৰ সুন্দৰতা দেখি এনে লাগিছে-যেন-ব্ৰহ্মা,বিষ্ণু,মহেশ্বৰৰ পৰা কোনোবা এজন হয় বা নৰ-নাৰায়ণ নামৰ প্ৰসিদ্ধ ঋষি হয়।আপোনালোকে আপোনালোকৰ পৰিচয় দি আামাৰ উপকাৰ কৰক। ( Religious Studies )

বীৰ হনুমানৰ কথা শুনি-ভগৱান শ্ৰী ৰামচন্দ্ৰই নিজৰ আৰু লক্ষ্মণৰ পৰিচয় দি কলে-অসুৰে দেৱী সীতাক হৰণ কৰি নিলে!আমি দেৱী সীতাক বিচাৰি চাৰিওফালে ঘূৰি ফুৰিছো।হে-ব্ৰাহ্মণ দেৱ-মোৰ নাম ৰাম আৰু এওঁ মোৰ ভাই লক্ষ্মণ হয়।আমি অয্যোধা নৰেশ মহাৰাজ দশৰথৰ পুত্ৰ হয়।এতিয়া আপুনি আপোনাৰ পৰিচয় দিয়ক!

ভগৱান শ্ৰী ৰাম চন্দ্ৰৰ কথা শুনি বীৰ হনুমানে-বুজিলে যে-এওঁলোক স্বয়ং ভগৱান হয়।তেতিয়া তৎক্ষণাত বীৰ হনুমান-প্ৰভূ শ্ৰী ৰামচন্দ্ৰৰ চৰণত পৰিল।তেতিয়া প্ৰভূ শ্ৰী ৰামে বীৰ হনুমানক উঠাই সাৱটি ধৰিলে।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

GTM Desk

Related