প্ৰিয়ংকা ভৰালীৰ অনুষ্ঠানত অথন্তৰ! নলবাৰীত বিহুৰ অনুষ্ঠান চলি থাকোতেই ধুমুহাই ভাঙিলে মঞ্চ

প্ৰিয়ংকা ভৰালীৰ অনুষ্ঠানত অথন্তৰ! নলবাৰীত বিহুৰ অনুষ্ঠান চলি থাকোতেই ধুমুহাই ভাঙিলে মঞ্চ


নলবাৰীৰ হেলচাত প্ৰতিকুল বতৰে বিধি–পথালি দিলে প্ৰিয়ংকা ভৰালী আৰু কৃষ্ণমণি চুতীয়াৰ সংগীতানুষ্ঠানত৷ তেজপুৰৰ থেচপিয়ানে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে আহিল প্ৰচণ্ড ধুমুহা–বৰষুণ। ধুমুহাই উৰুৱাই নিলে মঞ্চ।

মুহূৰ্তৰ ভিতৰতে ধুমুহাই তচনচ কৰিলে বিহুৰ অনুষ্ঠান। হাহাকাৰ লাগে উপস্থিত দৰ্শকৰ মাজত। আনন্দমনে অনুষ্ঠান উপভোগ কৰি থকাৰ সময়তে হঠাৎ অহা ধুমুহা বৰষুণে ম্লান কৰিলে পৰিৱেশ।
থেচপিয়ানৰ পিছতে মঞ্চত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু কৃষ্ণমণি চুতীয়াৰ। কিন্তু অনুষ্ঠানত পৰিৱেশন কৰাৰ পূৰ্বেই আহিল ধুমুহা–বৰষুণ। নলবাৰী–বৰপেটা সীমান্তৰ হেলচাৰ ৰাইজে অনুষ্ঠিত কৰা ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহুৰ সামৰণি অনুষ্ঠানত ঘটিল এই অঘটন৷

GTM Desk

Related