প্ৰেমৰ বাবে নিজ সন্তানক হত্যা মাতৃৰ, চিনেমাৰ কায়দাৰে হত্যা কৰি নিজেই দাখিল কৰিলে এজাহাৰ!
গুজৰাটৰ চুৰাটত সংঘটিত হৈছে এক জঘন্য ঘটনা। নিজৰ সন্তানক হত্যা কৰিলে মাতৃয়ে। প্ৰেমৰ বাবেই ডেৰ-দুবছৰীয়া সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে। সন্তানটিক হত্যা কৰাৰ পিছত নিজেই থানাত এজাহাৰ দাখিল কৰে মাতৃগৰাকীয়ে। সন্তানটি নিৰুদ্দেশ হোৱা বুলি থানাত এজাহাৰ দিয়াৰ পিছত আৰক্ষীৰ সৈতে নিজ পুত্ৰক বিচাৰিবলৈ ধৰিলে মহিলাগৰাকীয়ে। একেৰাহে তিনিদিনৰ পিছতো আৰক্ষীয়ে শিশুটিৰ কোনো শুংসূত্ৰ নোপোৱাত লাহে লাহে আৰক্ষীয়ে মাতৃগৰাকীক সন্দেহ কৰি সোধ-পোচ আৰম্ভ কৰে। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাতৃক।
উল্লেখযোগ্য যে, মাতৃগৰাকীয়ে চুৰাটৰ এটা নিৰ্মাণস্থলত শ্ৰমিক হিচাপে কাম কৰে। সেই স্থানৰ চিচিটিভি ফুটেজ দেখাৰ পিছতে আৰক্ষীয়ে প্ৰথমে সন্দেহ কৰিছিল। মাতৃয়ে শিশুটিক লৈ তেওঁ কাম কৰা সেই স্থানলৈ যায়, কিন্তু তাৰপিছত শিশুটি ওলাই অহা দেখা নাপায় আৰক্ষীয়ে। বহু সোধা-পোছাৰ পিছতো মাতৃৰ পৰা কোনো সন্তোষজনক উত্তৰ নাপালে আৰক্ষীয়ে।
অৱশেষত মহিলাগৰাকীয়ে নিজৰ প্ৰেমিকক আৰক্ষীৰ ওচৰলৈ লৈ আহিল। সেই যুৱকজনে তেওঁৰ সন্তানক অপহৰণ কৰা বুলি দাবী কৰে। কিন্তু আৰক্ষীয়ে মহিলাগৰাকীৰ প্ৰেমিকৰ স্থান বিচাৰি উলিয়ালে। প্ৰেমিকজনে স্বীকাৰ কৰে যে তেওঁ কেতিয়াও চুৰাটলৈ যোৱা নাছিল। শেষত মাতৃগৰাকীয়ে সোধা-পোছাৰ বাবে আত্মসমৰ্পণ কৰে। মহিলাগৰাকীয়ে শিশুটিৰ মৃতদেহ নিৰ্মাণ স্থানত পুতি পেলাই দিয়ে বুলিও স্বীকাৰ কৰে।
আৰক্ষীৰ জেৰাত মাতৃগৰাকীয়ে কয় যে তেওঁৰ প্ৰেমিক ঝাৰখণ্ডত থাকে। কিন্তু ঘৰৰ পৰা পলাই গৈ থাকোঁতে প্ৰেমিকে তেওঁক কয় যে যদি তেওঁ নিজৰ সন্তানৰ সৈতে প্ৰেমিকৰ ওচৰলৈ যায়, তেতিয়া প্ৰেমিকজনে মহিলাগৰাকীক গ্ৰহণ নকৰে। সেয়ে এই পাষাণ মাতৃয়ে গ্ৰহণ কৰিলে এই চৰম পন্থা। মাতৃগৰাকীয়ে শিশুটিক হত্যা কৰি প্ৰেমিকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰে। কেৱল সেয়াই নহয়, অজয় দেৱগন আৰু তাবুৰ জনপ্ৰিয় চিনেমা ‘দৃশ্যম’ চাই এই হত্যাৰ পৰিকল্পনা কৰিছিল বুলিও আৰক্ষীৰ আগত স্বীকাৰ কৰে মহিলাগৰাকীয়ে।