বজালী কাণ্ডৰ নতুন পাক! APS গায়ত্ৰী সোণোৱালক আটক, পুষ্কল গগৈ এতিয়াও মুকলি আকাশৰ তলত

বজালী কাণ্ডৰ নতুন পাক! APS গায়ত্ৰী সোণোৱালক আটক, পুষ্কল গগৈ এতিয়াও মুকলি আকাশৰ তলত

বজালী কাণ্ডত CIDৰ জালত পৰিল আৰক্ষী বিষয়া গায়ত্ৰী সোণোৱাল। আজি গুৱাহাটীৰ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিলে গায়ত্ৰী সোণোৱালক। গায়ত্ৰী সোণোৱাল ASP হৈ থাকোতে সংঘটিত হৈছিল বজালী কাণ্ড। ৰবিউল ইছলামৰ পৰা ধন দাবীৰ অভিযোগ উঠিছিল সোণোৱালৰ বিৰুদ্ধে। শেহতীয়া খবৰ অনুসৰি, অভিযুক্ত গায়ত্ৰী সোণোৱালক CID কাৰ্যালয়তে ৰখাৰ বিপৰীতে আন এজন অভিযুক্ত পুষ্কল গগৈক জেৰাৰ অন্তত আজি মুকলি কৰি দিয়ে।

উল্লেখযোগ্য যে, বৰ্তমান ৫ জন আৰক্ষী বিষয়া-কৰ্মচাৰীক ৪ দিনৰ CIDৰ জিম্মাত আছে। চুপাৰি মাফিয়াৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল পাঁচোজন। আজি হাজিৰ কৰোৱা হৈছিল CJM আদালতত। পাটাছাৰকুছি থানাৰ ASI শশাংক দাস, ভৱানীপুৰৰ IC দেৱজিৎ গিৰি, কনিষ্টবল ইনজামামুল হাছান, SPৰ গাড়ী চালক দ্বীপজয় ৰায় আৰু নবিৰ আহমেদক ৪ দিনৰ CID জিম্মাত ৰখা হৈছে।

GTM Desk

Related