বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত সুৰক্ষা বল (BSF)ত কৰ্মৰত বকোৰ ধৃতাশ্ৰী ৰাভা। কোচবিহাৰত থকা অৱস্থাত মৃত্যুবৰণ কৰে ধৃতাশ্ৰী ৰাভাই।

এই ঘটনাক লৈ ধৃতাশ্ৰী ৰাভাৰ ঘৰ বকোৰ ডাকুৱাপাৰাত শোকৰ ছাঁ পৰিছে। তথ্য অনুসৰি কোচবিহাৰত খেলৰ প্ৰশিক্ষণ লৈ আছিল ধৃতাশ্ৰীয়ে। প্ৰায় ছমাহ ধৰি কোচবিহাৰত আছিল যুৱতীগৰাকী। মেঘালয়ৰ টুৰাৰ BSFৰ হেড কোৱাৰ্টাৰৰ পৰা তেওঁক কোচবিহাৰলৈ প্ৰেৰণ কৰা হৈছিল।

কিন্তু হঠাতে যুৱতীগৰাকীৰ অস্বাভাৱিক মৃত্যুক লৈ চাঞ্চল্যই বিৰাজ কৰে। এই ঘটনাক সহজভাৱে মানি ল’ব পৰা নাই পৰিয়ালে। মাতৃ আৰু ভগ্নীৰ সৈতে ধৃতাশ্ৰীৰ কালি নিশা বাৰ্তালাপ হৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। অহা ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যুক লৈ সঠিক তদন্ত বিচাৰিছে পৰিয়ালে।

GTM Desk

Related