বাঘবৰত কংগ্ৰেছ ,অগপ ত্যাগ কৰি ৰাজীব আহমেদৰ নেতৃত্বত এ‌ আই‌ ইউ‌ ডি এফত যোগদান কৰে সহস্ৰাধিক লোক ।

বাঘবৰত কংগ্ৰেছ ,অগপ ত্যাগ কৰি ৰাজীব আহমেদৰ নেতৃত্বত এ‌ আই‌ ইউ‌ ডি এফত যোগদান কৰে সহস্ৰাধিক লোক ।

বাঘবৰৰ বিশিষ্ট সমাজ সেৱক তথা অগপ নেতা ৰাজীব আহমেদৰ লগতে বহুতো শীৰ্ষ কংগ্ৰেছ নেতাই দল ত্যাগ কৰি এই আই ইউ ডি এফত যোগদান কৰে । ইয়াৰ ভিতৰত মন্দিয়া জিলা পৰিষদৰ প্ৰাক্তন সদস্য আবুল কালাম আজাদ, মন্দিয়া গাওঁ পঞ্চায়তৰ সভাপতি তথা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছবেদ আলী, বিশিষ্ট সমাজ সেৱক ৰহম আলী,মনচুৰ আলী আদি কৰি প্ৰায় এক হেজাৰ কংগ্ৰেছ অগপ কৰ্মীয়ে আজি আনুষ্ঠানিক ভাৱে বৰপেটা জিলা এই আই ইউ ডি এফৰ মুখ্য কাৰ্যালয়ত‌ যোগদান কৰে । যোগদান অনুষ্ঠানত উপস্থিত থাকে জনীয়া সমষ্টিৰ বিধায়ক ড. হাফিজ ৰফিকুল ইছলাম, কেন্দ্ৰীয় কমিটিৰ সম্পাদক আমিনুল ইছলাম ,মিনাক্ষী ৰহমান আদি । কংগ্ৰেছ ত্যাগ কৰি এ‌আই ইউ ডি এফত যোগদান কৰি আবুল কালাম আজাদে কয় যে আগন্তুক দিনত‌‌ বাঘবৰত এই আই‌ ইউ‌ ডি এফৰ‌ ভাল‌ ফলাফল হোৱাটো‌ নিশ্চিত।

GTM Desk