বিধি-বিধানেৰে পূজা কৰাৰ লগতে প্ৰতিটো নিয়ম পালন কৰিলে সেইজনৰ কেতিয়াও ধন-সম্পত্তিৰ অভাৱ নহয়

1 min read

শাস্ত্ৰত বীৰ হনুমানক সংকটক হৰি নিয়া ভগৱান কোৱা হয়।মান্যতা অনুসাৰে ব্যক্তিয়ে-বিধি-বিধানেৰে পূজা কৰাৰ লগতে- প্ৰতিটো নিয়ম পালন কৰিলে-সেইজনৰ কেতিয়াও ধন-সম্পত্তিৰ অভাৱ নহয়,আৰু প্ৰতিটো সমস্যাৰ পৰা মুক্তি লাভ কৰে। ( Assamese Fact )

শাস্ত্ৰত বীৰ হনুমানৰ বিভিন্ন মুদ্ৰাৰ বিষয়ে কোৱা হৈছে।যত-পাহাৰ উঠাই বীৰ হনুমান,উৰি থকা-হনুমান, পঞ্চমুখী হনুমান, বুকু ফালি থকা হনুমান,লংকা দহন, আৰ্শীবাদ দি থকা,ৰামায়ণ পঢ়ি থকা, সূৰ্য্য গিলি থকা, থিয় হৈ থকা হনুমান, শ্ৰী ৰাম-হনুমানৰ মিলন, এনে ধৰণৰ বহু ছৱি বৰ্ণিত আছে।
*বাস্তু শাস্ত্ৰ অনুসাৰে-বীৰ হনুমানৰ ছৱি দক্ষিণ দিশৰ ফালে চাই থকা লগাব লাগে।এই ছৱি বহি থকা মুদ্ৰাত ৰঙা ৰংৰ হব লাগে।এই দিশত এনে ধৰণৰ ছৱি লগালে-বেয়া শক্তি ঘৰলৈ প্ৰৱেশ কৰিব নোঁৱাৰে।

*বাস্তু শাস্ত্ৰ অনুসাৰে-

বীৰ হনুমানৰ ফটো-শোৱা-কোঠালিত লগাব নালাগে।কাৰণ-বীৰ হনুমান বাল ব্ৰহ্মচাৰী হয়।সেইবাবে শোৱা কোঠাত বীৰ হনুমানৰ ফটো লগোৱাটো অশুভ মনা হয়।

*নকাৰত্মক শক্তিৰ বাবে-

যদি আপোনাৰ ঘৰত নকাৰত্মক শক্তি আছে,তেন্তে ইয়াৰ বাবে আপুনি বীৰ হনুমানৰ শক্তি প্ৰদৰ্শন কৰি থকা মুদ্ৰাৰ ছৱি বা পঞ্চমুখী হনুমানৰ ছৱি মুখ্য দুৱাৰৰ ওপৰত লগাব পাৰে।ইয়াৰ বাহিৰেও-এনে ছৱি সেই ঠাইত লগাব পাৰে-যত আপোনাৰ বেয়া শক্তিৰ আভাস হয়।

*সুখ সমৃদ্ধিৰ বাবে-

ঘৰত সুখ-শান্তিৰ লগতে-নকাৰত্মক ওৰ্জা যাতে প্ৰৱেশ কৰিব নোঁৱাৰে-ইয়াৰ বাবে পঞ্চমুখী হনুমানৰ ছৱি ঘৰত লগোৱাটো শুভ মনা হয়।ইয়াৰ দ্বাৰা উন্নতি মাৰ্গ মুকলি হয়।

*জল সুত্ৰ দোষ-

যদি ঘৰখনত কোনো কাৰণত-জল সম্বন্ধিত বাস্তু দোষ আছে,তেন্তে-ইয়াৰ বাবে-ৰোগ,পৰিয়ালৰ সদস্যৰ মাজত মতানক্য,শক্ৰৰ বাধা দেখিবলৈ পোৱা যায়।এনে দোষক দূৰ কৰিবলৈ পঞ্চমুখী বীৰ হনুমানৰ ফটো-এনে ধৰণে লগাব লাগে যাতে-তেওঁ দক্ষিণ দিশৰ ফালে চাই আছে। ( Assamese Fact )

*বীৰ হনুমানৰ এনে ধৰণৰ ছৱি লগোৱাটো শুভ হয়-

যদি ঘৰত শ্ৰী ৰামৰ দৰবাৰৰ ফটো লগোৱা হয়,তেতিয়া বীৰ হনুমানৰ ফটো এনে লগাব লাগে-যত তেওঁ শ্ৰী ৰামৰ শী চৰণত বহি আছে।ইয়াৰ বাহিৰেও-পঞ্চমুখী হনুমান,পৰ্ৱত ডাঙি থকা হনুমান,ভজন গোৱা,আদি,ধৰণৰ হনুমানৰ ফটো লগাব লাগে।

*পৰিস্থিতিৰ লগত জয়ী হবলৈ-

যদি আপুনি-

সাহস,বল,দায়িত্ব আৰু বিশ্বাসক জগাই তুলাৰ লগতে-প্ৰতিটো পৰিস্থিতিতে জয়ী হব বিচাৰে-তেতিয়া ঘৰত পৰ্ৱত ডাঙি থকা বীৰ হনুমানৰ ফটো লগোৱাটো শুভ হয়।

*উন্নতিৰ বাবে-

প্ৰতিটো কামত সফলতা লাভ কৰিবলৈ,চাকৰি,ব্যৱসায়ত-

উন্নতিৰ বাবে-ঘৰত বীৰ হনুমানৰ উৰি থকা মুদ্ৰাৰ ফটো লগোৱাটো শুভ হয়।

*ভক্তি ভাবৰ বাবে-

ভক্তি আৰু বিশ্বাসৰ সংসাৰৰ বাবে-ঘৰত শ্ৰী ৰামৰ ভজন কৰি থকা-বীৰ হনুমানৰ ফটো লগোৱাটো শুভ হয়।

*মংগল দোষৰ মুক্তিৰ বাবে-

যদি শুৱনিত মংগল দোষ আছে,তেন্তে ইয়াৰ বাবে ঘৰৰ দক্ষিণ দিশৰ বেৰত-ৰঙা ৰংৰ বীৰ হনুমানৰ ফটো লগাব লাগে।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author