বিলাসীপাৰাৰ সাপটগ্ৰামত পুনৰ চাৰিটা দুস্প্ৰাপ্য কেঁকো সাপ সহ দুজন ব্যক্তি আটক

বিলাসীপাৰাৰ সাপটগ্ৰামত পুনৰ চাৰিটা দুস্প্ৰাপ্য কেঁকো সাপ সহ দুজন ব্যক্তি আটক

বিলাসীপাৰাৰ সাপটগ্ৰামত পুনৰ চাৰিটা দুস্প্ৰাপ্য কেঁকো সাপ সহ দুজন ব্যক্তি আটক |
সাপটগ্ৰাম বনাঞ্চলিকৰ অধীনস্থ বনাঞ্চল সমূহত সুলভ হৈ পৰিছে জীৱ জন্তুৰ চোৰাং বেহা |
একাংশ দুষ্ট চক্ৰই দুস্প্ৰাপ্য বনৰীয়া জীৱ জন্তু ধৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায় |
তেনে ব্যৱসায়ৰ বিৰুদ্ধে সাপটগ্ৰাম বন বিভাগৰ নাটকীয় অভিযান |
অভিযানত খৰখৰি অঞ্চলৰ পৰা সৰবৰাহ কৰিবলৈ লওঁতেই উদ্ধাৰ কৰে চাৰিটা কৈ কেঁকো সাপ |
লগতে কেঁকো সাপৰ ব্যৱসায় চলোৱা জীতেন্দ্ৰ ৰাভা ( ঘৰ কচুদোলা) আৰু ছাহাদত মণ্ডলক ( ঘৰ তামাৰহাট বিষকুৰা ) আটক কৰিবলৈ সক্ষম হয় |
সম্প্ৰতি সাপটগ্ৰাম বনাঞ্চলিক কাৰ্যালয়ত ৰখা হৈছে কেঁকো সাপ সহ আটক হোৱা ব্যক্তি দ্বয়ক |
উল্লেখ্য যে এই ক্ষেত্ৰত ৰহস্যজনক ভাবে সংবাদ মাধ্যমৰ পৰা দূৰত্বত অৱস্থান সাপটগ্ৰাম বন বিষয়া কৰ্মীৰ |

GTM Desk