বিশ্বনাথত সংঘটিত বিদ্যুৎস্পৃষ্ট ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

বিশ্বনাথত সংঘটিত বিদ্যুৎস্পৃষ্ট ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

দুগৰাকী বিদ্যুৎ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন

মৃতকৰ পৰিয়াললৈ তাৎক্ষণিকভাৱে আঢ়ৈ লাখ টকাৰ সাহায্য প্ৰদান

বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াত ২৬ জুন তাৰিখে সংঘটিত দুৰ্ভাগ্যজনক বিদ্যুস্পৃষ্ট হোৱা ঘটনাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে। উপায়ুক্তৰ সভাকক্ষত আজি বিয়লি অনুষ্ঠিত এক ৰাজহুৱা সভাত উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে এই কথা ঘোষণা কৰে। ঘটনাটোৰ তদন্তৰ বাবে জিলাখনৰ জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত তথা অতিৰিক্ত জিলা দণ্ডাধীশ দিগন্ত বৈশ্যক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে বিদ্যুৎ বিভাগৰ তৰফৰ পৰাও ঘটনাটোৰ এক বিভাগীয় তদন্ত আৰম্ভ হৈছে আৰু কৰ্তব্যত গাফিলতিৰ বাবে প্ৰথম পৰ্যায়ত আজিয়েই দুগৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। মৃতকৰ পৰিয়াল, স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত আজিৰ সভাৰ আৰম্ভণিতে দুৰ্ভাগ্যজনক ঘটনাটোত সকলোৱে দুঃখ প্ৰকাশ কৰে আৰু আকস্মিকভাৱে মৃত্যুক আকোৱালি লোৱা বিশ্বনাথ ঘাটৰ যুৱক ৰবীন দাসৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। উপস্থিত সকলোৱে বিদ্যুৎ বিভাগৰ গাফিলতিক কঠোৰ ভাষাৰে নিন্দা কৰে আৰু ঘটনাত দোষী সাব্যস্ত হোৱাসকলৰ কঠোৰ শাস্তিৰ দাবী তোলে। ৰাইজে উপায়ুক্তৰ জৰিয়তে অসমৰ শক্তিমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে যত মৃতকৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ লগতে পৰিয়ালৰ এগৰাকী সদস্যক স্থায়ী কৰ্মসংস্থাপন প্ৰদানৰ দাবী তোলা হয়। আজিৰ পৰা দুবছৰৰ আগেয়ে অনুৰূপ ঘটনাত আহত হৈ পিছত মৃত্যুক সাবটি লোৱা একে অঞ্চলৰে দিপক দাস নামৰ লোকগৰাকীৰ পৰিয়ালকো প্ৰয়োজনীয় ক্ষতিপূৰণ আৰু কৰ্মসংস্থাপন প্ৰদানৰ দাবী স্মাৰকপত্ৰখনত উল্লেখ কৰা হয়। সভাত উপস্থিত থকা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ তেজপুৰ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জনা শৰ্মাই মৃতকৰ পৰিয়াললৈ তাৎক্ষণিক ক্ষতিপূৰণ হিচাপে আগবঢ়োৱা আঢ়ৈ লাখ টকাৰ এখন চেক প্ৰয়াত ৰবীন দাসৰ পিতৃ কলীয়া দাসৰ হাতত অৰ্পণ কৰে। তেওঁ লগতে মৃতকৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্যক অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত ঠিকাভিত্তিত নিয়োগৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে। আনহাতে, ৰাইজৰ দাবী অনুসৰি মৃতকৰ পৰিয়াললৈ আগবঢ়োৱা ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধিৰ বাবে উপায়ুক্তৰ সহযোগত কোম্পানীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। ঘটনাৰ উচিত আৰু নিৰপেক্ষ তদন্তৰ জৰিয়তে তথা ৰাইজে দোষী বুলি একমুখে দাবী তোলা এগৰাকী বিশেষ বিষয়াৰ বিৰুদ্ধেও অচিৰেই ব্যৱস্থা গ্ৰহণৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰিব বুলি তেওঁ ৰাইজক কথা দিয়ে। এনে দুৰ্ভাগ্যজনক ঘটনা যাতে জিলাখনত পুনৰবাৰ সংঘটিত নহয় তাৰ বাবে ব্যৱ্স্থা লবলৈ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে বিদ্যুৎ বিভাগক কঠোৰ নিৰ্দেশ দিয়াৰ লগতে ঘটনাত সংযম ৰক্ষা কৰা বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে তথা প্ৰকৃত দোষীক শাস্তি বিহাৰ স্বাৰ্থত তদন্ত প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট সকলোলৈকে আহ্বান জনায়। আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্য, অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰা প্ৰমুখ্যে প্ৰশাসন আৰু বিদ্যুৎ বিভাগৰ বিষয়াববীয়াসকল আৰু স্থানীয় বিভিন্ন দল-সংগঠনৰ প্ৰতিনিথি তথা সচেতন ৰাইজ উপস্থিত থাকে।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.