বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিলে চয়ন বৰুৱাই
ক্ৰীড়া জগতৰ সৈতে জৰিয়ত হৈ বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী পিছত আন এগৰাকীয়ে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলত সোণৰ পদক লাভ কৰি বিহালীলৈ গৌৰৱ কঢ়িয়াই আনিলে আঠবছৰীয়া চয়ন বৰুৱাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰাটে খেলি সোণৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনাত বিভিন্ন দ’ল সংগঠৰ উষ্ম আদৰণি ।


যোৱা ৩০,৩১মে আৰু ১জুনত দাৰ্জিলিঙৰ গোৰ্খা ৰঙ্গমঞ্চত অনুষ্ঠিত কাৰাটে প্ৰতিযোগিতা অংশ গ্ৰহণ কৰি( ৩৫কেজি ওজনৰ) সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। চয়ন জামুৱনী গাৱঁৰ জিতু বৰুৱা আৰু পবিত্ৰা বৰদলৈ বৰুৱাৰ পুত্ৰ।তেওঁ ইয়াৰ পূৰ্বে ও গুৱাহাটী,তেজপুৰ,নগাও আৰু হোজাইত কাৰাটে প্ৰতিযোগিতা অংশ গ্ৰহণ কৰি সোণৰ লগতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।