বিহুলৈ মাজত কেইটামান দিন, ঢুলীয়াৰ ঢোলৰ চেৱত কঁকাল ভাঙি নাচিলে কণমানি নাচনীয়ে

বিহুলৈ মাজত কেইটামান দিন, ঢুলীয়াৰ ঢোলৰ চেৱত কঁকাল ভাঙি নাচিলে কণমানি নাচনীয়ে

ব’হাগ বিহুৰ আগমনৰ লগে লগেই ৰাজ্যৰ বিভিন্ন প্রান্তত বিহু সম্পর্কে বিভিন্ন কর্মশালা অনুষ্ঠিত হৈছে। এই কর্মশালাসমূহৰ লক্ষ্য হৈছে উঠি অহা প্রজন্মক কৰ্মশালাৰ জৰিয়তে বিহুনাচ আৰু বিহুৰ বাদ্য শিকোৱা। ৰঙালী বিহুক নতুন প্ৰজন্মৰ মাজত সঠিক আৰু সুন্দৰভাৱে উপস্থাপন কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলাৰ উদ্যোগত অসম চেম্বাৰ অৱ কমাৰ্চ, টিহু শাখা আৰু ৰাংঢালী বিহুৱা দল টিহুৰ সহযোগত টিহু হাইস্কুল খেলপথালত বিহুনাচ আৰু বিহুৰ বাদ্যৰ কৰ্মশালা অনুষ্ঠিত হয়।

আজি কর্মশালাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে টিহু কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি ভাৰত তালুকদাৰে। কর্মশালাখন উদ্বোধন কৰি তালুকদাৰে যথেষ্ট সুখী অনুভৱ কৰা বুলি উল্লেখ কৰি বৃহত্তৰ অঞ্চলৰ উদীয়মান ল’ৰা- ছোৱালীৱে অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ বিহুৰ প্ৰতি আকর্ষণে ৰঙালী বিহুক জীপাল কৰি ৰাখিব বুলি মত ব্যক্ত কৰে। এনে প্ৰচেষ্টাক ভূয়সী প্রশংসা কৰে।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলাৰ সাধাৰন সম্পাদক পাৰ্থপ্ৰতিম তালুকদাৰে উৎসাহমূলক ভাষণ আগবঢ়ায়। ভাৰতীয় জনতা যুৱ মৰ্চাৰ টিহু মণ্ডলৰ সাধাৰন সম্পাদক মুন মৰম হাজৰিকাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত প্রশিক্ষক নামনি বিহুৰত্ন বিহুভূষণ উপাধিৰে সন্মানিত সুশীল দাস, সীমান্ত গোস্বামী, ডিম্পামনি পাঠক, বনজিৎ হালৈৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

GTM Desk

Related